ক’ভিড-১৯ত আক্ৰান্ত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত

প্ৰতিনিধিত্বমূলক ছবি

০৪ জুলাই, গুৱাহাটী – গুৱাহাটী মহানগৰীত সম্প্ৰতি ক’ভিড-১৯ ৰ গণসংক্ৰমণ ব্যাপক ৰূপত আৰম্ভ হৈছে। প্ৰতিদিনেই গুৱাহাটীত ক’ভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ মাজতে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথ ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

কালি নিশা তেওঁক ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে। উল্লেখ্য যে বিগত কেইটামান দিনত তেওঁ জ্বৰ-কাঁহত ভুগি থকাৰ বাবেই যোৱা ১ জুলাইত স্বাৱ টেষ্ট কৰাইছিল।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে অতিৰিক্ত উপায়ুক্তগৰাকী।

উল্লেখযোগ্য যে, গুৱাহাটীত বৰ্তমানলৈকে দুই সহস্ৰাধিক লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে। ৰাজ্যত মুঠ ৯৭৯৯ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৬৩২৭ গৰাকী ক’ভিড মুক্ত হৈছে। বৰ্তমানলৈকে মুঠ ১৪ গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে। তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে স্বাৱ সংগ্ৰহ কৰা হ’ব বুলি জানিব পৰা গৈছে।

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
PM Modi

PM Announces Ex-Gratia of 2 Lakh For Assam Flood Victims

Plasma Bank launched at GMCH