অসমৰ বানপানীৰ বাবে কেৰি মিনাতিয়ে সংগ্ৰহ কৰিলে সাহায্য

carry minati

নিউজ ডেস্কঃ ইউটিউবাৰ কেৰি মিনাতিৰ কথা প্ৰায় সকলোৱেই শুনিছে৷ অগণন অনুগামীৰ সৈতে কেৰি মিনাতি প্ৰায়েই ছ’চিয়েল মিডিয়াৰ জগতখনত শীৰ্ষৰ বিষয় হৈ থাকে৷ কেইবছৰ মান আগেয়ে অসমৰ ৰাজকুমাৰ ঠাকুৰীয়াক লৈও এটা ৰোষ্ট ভিডিঅ’ কৰি অসমৰ জনসাধাৰণৰ প্ৰিয় হৈ পৰিছিল কেৰি মিনাতি৷

 

কিন্তু এইবাৰ কাকো ৰোষ্টিঙেৰে নহয়, অসম তথা বিহাৰত হোৱা প্ৰলংয়কাৰী বানৰ সাহায্য বিচাৰি শিৰোনামলৈ আহিছে কেৰি মিনাতি৷

অজেয় নাগৰ ওৰফে কেৰি মিনাতিয়ে ১৯ জুলাই ২০২০ তাৰিখে সন্ধিয়া ৭ বজাৰ পৰা নিশা ১২ বজালৈ এক লাইভ অনুষ্ঠানৰ আয়োজন কৰি দৰ্শকৰ পৰা ১০,৩১,১৩৭ টকা সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে৷ এই পৰিমাণৰ লগত তেওঁ নিজৰ তৰফৰ পৰা ১ লাখ টকা সংযোজিত কৰি মুঠ ১১ লাখ টকা  অসম আৰু বিহাৰৰ বানাক্ৰান্তসকলৰ সাহায্যাৰ্থে সংগ্ৰহ কৰিছে৷ একৈশ বছৰীয়া এই যুৱকজনে তেওঁৰ ২৩.৯ মিলিয়ন অনুগামীৰ পৰা এই বিশাল পৰিমাণৰ সাহায্য সংগ্ৰহৰ খবৰে সকলোকে আচৰিত কৰি তুলিছে৷

 

 

 

 

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
Opposition leader

Opposition Leader Debarata Saikia Stages A Sit-in Demonstration

Dispur Flood; At least 30,000 People Affected