প্ৰকৃতি অবিহনে আমি অস্তিত্ববিহীন

Environment Day

ষোল্ল বছৰীয়া ল’ৰাজনে গ্ৰীষ্মকালৰ সেই বানপানীৰ দৃশ্যৰ পিছতে প্ৰত্যক্ষ কৰে পানী শুকাই যোৱাৰ পিছত অত্যাধিক ৰ’দৰ তাপ সহ্য কৰিব নোৱাৰি বানপানী উটি অহা সাপবোৰ বালিত লেবেজান হৈ পৰি আছে। গৰু, ম’হ, ছাগলী, কুকুৰ আদিও পানীলৈ নামিবলৈ ধৰিছে । ল’ৰাজনৰ হৃদয় ভাঙি পৰিছিল। ল’ৰাজনে ইয়াৰ উপায় বিচাৰি ওচৰৰ লোকসকলৰ সৈতে কথা-বতৰা পাতে আৰু তেওঁলোকে ইয়াৰ উপায় হিচাপে বাঁহ গছ ৰুবলৈ পৰামৰ্শ দিলে আৰু কোৱামতেই বাঁহ গছৰ পুলিবোৰ ৰোৱা হয় । এনেদৰে বহু বিভিন্ন গছৰ পুলি সংগ্ৰহেই যেন তেওঁৰ জীৱনৰ লক্ষ্য হৈ পৰিল আৰু এইদৰেই একেৰাহে প্ৰায় ৪০বছৰেই গছ পুলি ৰোৱাৰ ফলত সেই ঠাই ডোখৰৰ ৪১০৮ বিঘা মাটিত এখন লাখ লাখ গছ-গছনিৰে ভৰা বৃহৎ অৰণ্যলৈ ৰূপান্তৰিত হৈ পৰিল। য’ত কেইবাবিধো ঔষধি গুণসম্পন্ন উদ্ভিদ পোৱা হ’ল, কেৱল এয়াই নহয় এই অৰণ্যত বৰ্তমান হাতী,বাঘ, গঁড়, হৰিণা, বনৰীয়া ম’হ, বনৰীয়া গাহৰি আৰু এনে বহু জীৱ জন্তুৰ তথা বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকতিৰ আশ্ৰয়স্থল হৈ পৰিল। সেই ঠাইত অনুকূল পৰিবেশৰ সৃষ্টি হ’ল । একক প্ৰচেষ্টাৰে জীৱ-জন্তুৰ জীৱনৰ মূল্যবোধেৰে পাতনি মেলা চিন্তাৰে মানৱ জীৱনকো এক সুস্থ পৰিৱেশ দিয়া এই লোকজন হ’ল পদ্মশ্ৰী যাদৱ পায়েং। মোলাই তেখেতৰ উপনাম । সেয়ে তেওঁৰ অৰণ্যৰ নাম মোলাই কাঠনি বুলি জনা হয়। যোৰহাট জিলাৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰি এক বৃহৎ চৰ। আৰু সেয়াই এতিয়াৰ অৰণ্য ভূমি য’ত বিভিন্ন দেশৰ আয়ুৰ্বেদিক চিকিৎসকে ঔষধি গছ সমূহৰ পৰা ঔষধ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰে । আৰ্থিক অনাটনৰ বাবে দশম শ্ৰেণীত শিক্ষা শেষ কৰা এই গৰাকী পৰিবেশ সচেতন ব্যক্তিয়ে প্ৰমাণ কৰি দেখুৱালে সুস্থ চিন্তাধাৰাৰে পৃথিৱীত যেন কৰিব নোৱাৰা কাম একোৱেই নাই। গোলকীয় উষ্ণতা বৃদ্ধি, জলবায়ু পৰিৱৰ্তন, যান-বাহন, কল-কাৰখানাকে ধৰি প্ৰকৃতি ধংসকাৰী মানুহৰ আধুনিক জীৱনে প্ৰকৃতিৰ উষ্ণতা বৃদ্ধি কৰি মানুহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে, তাক ৰোধ কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ গছ নোহোৱা হৈছে।
অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং দেৱৰ এই মহান কৰ্মই গোলকীয় উষ্ণতা হ্ৰাস কৰাত আৰু মানুহৰ দৰে মাজত পৰিবেশ সচেতনতা আগবঢ়োৱাত সহায় কৰি অহাৰ দৰেই মণিপুৰৰ মৈৰাংথেম লৈয়া নামৰ যুৱক জনে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ ৰ চাকৰি এৰি মুৰ লংগল পাহাৰীয়া ঠাইডোখৰত নিজ হাতেৰ গছ ৰুই এতিয়া প্ৰায় ৩০০ একৰ বনাঞ্চল নিৰ্মাণ কৰি উলিয়াইছে, এসময়ত অপদাৰ্থ বুলি তেওঁক সম্বোধন কৰা লোক সকলেও আজি সেই পৰিবেশৰ বিশুদ্ধ বায়ুৰে সুস্থ জীৱন জীয়াই আছে।
কেৱল এয়াই নহয় দক্ষিণ ভাৰতৰ ১০৫ বছৰীয়া পদ্মশ্ৰী চালুমাৰাদা থিম্মাক্কা নামৰ মহিলা গৰাকীয়েও ৮০ বছৰে ৮০০০ ত কৈও অধিক গছ ৰুই পৰিবেশৰ এক সুন্দৰ চিত্ৰ দাঙি ধৰিছে । বিশেষকৈ ৪০০ ত কৈ অধিক বট গছ ৰোপণ কৰি এক সৰগী সুন্দৰ দৃশ্যৰে ঠাই ডোখৰ মনোমোহা কৰি তোলে । বৰপেটা জিলাৰ জনপ্ৰিয় “ভঠেলি “অনুষ্ঠানত এই বৃক্ষৰ পূজা-পাৰ্বন কৰাৰ বিষয়ে উল্লেখ আছে ।
আজি বিশ্ব পৰিবেশ দিৱসৰ দিনা এই মহান লোক সকলৰ চিন্তাৰে,প্ৰকৃতিখনক পৃথিৱীৰ প্ৰতিটো জীৱনৰ বাবে সুস্থ আৰু অনুকূল কৰি তুলিবলৈ পৰ্যাপ্ত পৰিমাণে গছ পুলি ৰোঁও আহক ।

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Cabinet approves establishment of Pharmacopoeia Commission for Indian Medicine & Homoeopathy as Subordinate Office under Ministry of AYUSH

Morning Bulletin @Headlien8 05.06.2020