in

গুৱাহাটীত লকডাউন – কি খোলা থাকিব আৰু কি বন্ধ থাকিব?

২৬ জুন, গুৱাহাটী – গুৱাহাটীত ভয়ংকৰভাৱে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। আজি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰা সংবাদমেলত কয় যে গুৱাহাটীত প্ৰায় ১০ শতাংশ লোকেও মনা নাই সামাজিক দূৰত্ব। কোনো লোক সজাগ নহ’লে আমি একে কৰিব  নোৱাৰিম। গুৱাহাটীত আক্ৰান্তৰ সংখ্য়া বৃদ্ধি হৈ থাকিলে আমি ৰোগীসমূহ আন হাস্পতাললৈ নিব লাগিব। সেয়া আমাৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান হ’ব বুলিও সংবাদমেলত মন্তব্য মন্ত্ৰী ড০ শৰ্মাৰ।

“আমাৰ বা চৰকাৰৰ লকডাউন দিয়াৰ ইচ্ছা নাই । কিন্তু কোনো উপায় নাই, মহানগীৰত সামাজিক সংক্ৰমণ ৰোধ কৰিবলৈ হ’লে আমি কঠোৰ হ’বই লাগিব ।”- আজি গুৱাহাটীত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি এই কথা কয় । লগতে গুৱাহাটী মহানগৰীত ১৪ দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰে ।

মহানগৰীত এই ১৪ দিনীয়া লকডাউনৰ সময়ছোৱাত কি কি খোলা থাকিব আৰু কি কি বন্ধ থাকিব?

– কম সংখ্যক কৰ্মচাৰীৰে খুলিব পাৰিব বেংক

– প্ৰথম ৭ দিন লকডাউন হ’ব অতি কঠোৰ

– আৰক্ষী- বিদ্যুৎ কৰ্মচাৰীৰ বাবে দিয়া হ’ব ৰেহাই

– সংবাদ মাধ্যমৰ কৰ্মচাৰী আহিব পাৰিব কাৰ্যালয়লৈ (সীমিত সংখ্যক)

– ৰাজ্যজুৰি আজি নিশা ৭ বজাৰ পৰা পুৱা ৭ বজালৈ সান্ধ্য আইন

– ১২ জুলাইলৈ গুৱাহাটীত হ’ব লকডাউন

– খোলা ৰাখিব পাৰিব ফাৰ্মাচী – হাস্পতাল

– বন্ধ থাকিব সকলো দোকান -পোহাৰ

– চৰকাৰী- বেচৰকাৰী সকলো কাৰ্যালয় বন্ধ থাকিব

– ব্যক্তিগত বা চৰকাৰী বাহন চলাচল কৰিব নোৱাৰিব

– ধৰ্মীয় অনুষ্ঠান বন্ধ থাকিব

– গাখীৰ, শিশু খাদ্য আৰু পানী যোগান অব্যাহত থাকিব

This post was created with our nice and easy submission form. Create your post!

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
unmasked

গুৱাহাটীত ১০ শতাংশ লোকেও পিন্ধা নাই মাস্ক, নাই মনা সামাজিক দূৰত্ব

strict

অত্যন্ত কঠোৰ হ’ব লক ডাউনৰ প্ৰথম সপ্তাহঃ হিমন্ত বিশ্ব শৰ্মা