in

আইচিচিৰ এতিয়াই মুৰব্বী হ’ব নিবিচাৰে গাংগুলীয়ে

S Ganguly

নিউজ ডেস্কঃ শশাংক মনোহৰৰ পদত্যাগৰ  পিছতেই আইচিচি সভাপতিৰ পদৰ বাবে নাম বাচনি হৈছিল প্ৰাক্তন ভাৰতীয় ক্ৰিকেট কেপ্টেইন সৌৰভ গাংগুলীৰ৷ দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ গ্ৰেম স্মিথেও সৌৰভ গাংগুলীক সমৰ্থন কৰিছে৷

আনহাতে সৌৰভ গাংগুলীয়ে এতিয়াই আইচিচিৰ সভাপতি পদত আসীন হ’বলৈ অনিচ্ছা প্ৰকাশ কৰিছে৷ কিয়নো বিচিচিআইৰ নিয়ম অনুসৰি এজন ব্যক্তি দুটা পদত অধিষ্ঠিত হ’ব পাৰে যদিও আইচিচিত তেনে নিয়ম নাই৷ ফলত তেওঁ আইচিচিৰ সভাপতি হ’বলৈ হ’লে বিচিচিআইৰ পদ এৰিব লাগিব৷

এই মুহূৰ্ততে তেওঁৰ দেশৰ এই সন্মানীয় পদটো এৰিবলৈ মন নাই৷ তাৰোপৰি তেওঁৰ বয়স কম বাবেও আইচিচিৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদ এটাত অধিষ্ঠিত হ’বলৈ ইচ্ছুক নহয় বুলি প্ৰকাশ কৰিছে বেংগল টাইগাৰ জনে৷

 

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Assamese Diplomat Appointed As Ambassador In Taiwan

kaziranga flood

বানৰ কৱলত কাজিৰঙা