in

বিজেপিত যোগদান কৰিব নেকি বিধায়ক ৰূপজ্যোতিয়ে

Rupjyoti

গুৱাহাটীঃ ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ কুচ-কাৱাজ ইতিমধ্যেই ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে৷ সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থীসকলৰো লৰা-ঢপৰা বৃদ্ধি পাইছে৷ মৰিয়নী সমষ্টিও ইয়াৰ ব্যতিক্ৰম নহয়৷ বিজেপি-কংগ্ৰেছ আটাইয়েই নিজৰ নিজৰ প্ৰাৰ্থী সমষ্টিটোত দিয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে৷ ইয়াৰ ভিতৰত ৰমনী তাঁতী, অলক ঘোষ, তৰুন ৰাজোৱাৰ, সঞ্জয় কৃষ্ণ তাঁতীৰ নাম চৰ্চিত হৈ থকা লগতে এইবাৰ প্ৰাথীত্ব প্ৰয়াসীৰ তালিকাত তিনিখন নতুন মুখৰ চৰ্চা আৰম্ভ হৈছে। অপূৰ্ব শইকীয়া, পৰাগ গগৈ আৰু পোলেন চুতীয়া নামৰ তিনি যুৱ বিজেপি নেতা মৰিয়নী সমষ্টিৰ পৰা টিকট প্ৰৱল দাবীদাৰ হ’ব বুলি জানিব পৰা গৈছে। কিন্ত বিজেপি দলৰ এই সকল টিকটৰ দাবীদাৰৰ চিন্তাত আউল লগোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কংগ্ৰেছ দলৰ বৰ্তমানৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। যদি বিশেষ কোনো ধৰণৰ ৰাজনৈতিক পট পৰিৱৰ্তন নহয় তেন্তে বিধান সভা নিৰ্বাচনৰ পূৰ্বে ৰূপজ্যোতি কুৰ্মীয়ে সুবিধা বুজি কংগ্ৰেছ দল এৰি আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰিবলৈ সাজু হৈ থকা বুলি ভিতৰি আলোচিত হৈ আছে।

ইতিমধ্যে বিধায়ক গৰাকীয়ে বিজেপিৰ শীৰ্ষ মহলৰ লগত আলোচনাত মিলিত হোৱা্ৰ লগতে বিশেষকৈ পূৰ্বৰে পৰা ৰূপজ্যোতিৰ ঘনিষ্ঠ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেউজ সংকেত দিয়া বুলিও চৰ্চা লাভ কৰিছে। আনহাতে বিজেপি দলত যোগদান কৰি ৰূপজ্যোতিয়ে বিজেপি দলৰ পৰা টিকট আৰু মন্ত্ৰীত্ব লাভ কৰাটো ১০০ শতাংশ নিশ্চিত হ’লেহে বিজেপি দলত যোগদান কৰিব বুলি ঘনিষ্ঠ সূত্ৰক জানিবলৈ দিছে। ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনে মৰিয়নীৰ একাংশ বিজেপি নেতা আৰু তৃণমূল কৰ্মীক বিতুষ্ট কৰিব যদিও দলৰ শীৰ্ষ মহ’লৰ বাবে কংগ্ৰেছ দলৰ হাতৰ পৰা মৰিয়নী সমষ্টি দখল কৰাটোহে মূল ইছ্যূ ৰূপে প্ৰাধান্য পোৱা বুলিও চৰ্চিত হৈছে। কিন্ত ৰূপজ্যোতি কুৰ্মীৰ বিজেপি যোগদানত মৰিয়নীৰ একাংশ বিজেপি নেতা আৰু তৃণমূল কৰ্মীয়ে পূৰ্বৰে পৰা তীব্ৰ প্ৰতিবাদ কৰি অহা লগতে বিজেপি কৰ্মী সকল হতাশ হৈ পৰিব বুলি দলৰ শীৰ্ষ মহলকো এই সন্দৰ্ভত অৱগত কৰিছে।

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Dacoity Attempt In Gauripur; 5 Dacoits Apprehended

PM Modi In Ladakh; Interacts With Soldiers