in

শ্বহীদ লাডেন

laden

আন্তৰ্জাতিক ডেস্কঃ পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী ইমৰান খানৰ মুখত এই মন্তব্য৷ ওচামা বিন লাডেন আপোনাৰ মোৰ বাবে কুখ্যাত সন্ত্ৰাসবাদী কিন্তু পাকিস্তানৰ বাবে তেওঁ শ্বহীদ। আল-কায়দাৰ প্ৰতিষ্ঠাতা ওচামা বিন লাডেনৰ সন্দৰ্ভত এক আচৰিত মন্তব্য কৰিছে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খানে। আল কায়দাৰ প্ৰতিষ্ঠাপক দুধৰ্ষ সন্ত্ৰাসবাদী লাডেন শ্বহীদ বুলি কৰা মন্তব্যই এতিয়া সৰ্ব্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ দেশখনৰ প্ৰধান মন্ত্ৰী ইমৰান খানে পাকিস্তানৰ সংসদত লাডেন শ্বহীদ বুলি বৃহস্পতিবাৰে এই মন্তব্য কৰিছিল৷
আমেৰিকাই পাকিস্তানৰ সীমাত প্ৰৱেশ কৰি ওচামা বিন লাডেনক হত্যা কৰাৰ এটা প্ৰসংগত ইমৰান খানে ওচামা বিন লাডেনক শ্বহীদ হোৱা বুলি উল্লেখ কৰে।
আনহাতে,ইমৰান খানে ভাষণ প্ৰসংগত কয় যে লাডেনক নিঃশেষ কৰাৰ সময়ছোৱাত আমেৰিকাৰ বাবেই পাকিস্তানৰ ৭০,০০০ কৈ অধিক লোকৰ মৃত্যু হৈছে।
উল্লেখযোগ্য যে, ১৮ বছৰ পূৰ্বৰ আমেৰিকাত সংঘটিত হোৱা ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ ধ্বংসৰ ঘটনাত ওচামা বিন লাডেন জড়িত হৈ আছিল।
এই ঘটনাৰ পিছতে আমেৰিকাই সুদীৰ্ঘ দিন ধৰি অল-কায়দাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি পাকিস্তানত ওচামা-বিন লাডেনক হত্যা কৰিবলৈ সক্ষম হৈছিল৷

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Massive Landslide Near Kahilipara Power House; 1 Person Still Trapped

HBS

আকৌ লকডাউন হ’ব নেকি গুৱাহাটীত?