in

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে সফলতা লাভ কৰিলে ক’ৰোনা প্ৰতিষেধকৰ প্ৰস্তুতিত

COVID-19 Vaccine

নিউজ ডেস্কঃ সমগ্ৰ বিশ্বতে ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে বিশ্ববাসীৰ বাবে ইতিবাচক বতৰা কঢ়িয়াই আনিছে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে৷ আগন্তুক ছেপ্টেম্বৰ মাহৰ ভিতৰতে এই প্ৰতিষেধক বজাৰত মুকলি কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে ব্ৰিটিছ বিজ্ঞানীসকলে৷  বিভিন্ন দেশত এই প্ৰতিষেধকৰ গৱেষণা অব্যাহত থকাৰ সময়তে ব্ৰিটেইনৰ অক্সফ’’ৰ্ড বিশ্ববিদ্যালয়ৰ নুফিল্ড ডিপাৰ্টমেণ্ট অব্ মেডিচনৰ অধীনত জেনাৰ ইনষ্টিটিউটত ব্ৰিটিছ আৰু ছুইডেনৰ ঔষধ উদ্যোগ আষ্ট্ৰা জেনেকাইও ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰস্তুতিৰ গৱেষণাত নামি পৰিছিল৷ বিগত জুন মাহত  মানৱ শৰীৰত প্ৰয়োগ কৰাৰ পিছত এই গৱেষণাৰই সফল ৰূপ লাভ কৰে৷ প্ৰথম পৰ্যায়ৰ সফল পৰীক্ষণৰ পিছত দ্বিতীয় পৰ্যায়তো এই প্ৰতিষেধকবিধৰ সফল পৰীক্ষণ সম্পন্ন হয়৷ বিজ্ঞানীসকলৰ মতে এই প্ৰতিষেধকবিধৰ কোনো পাৰ্শ্বক্ৰিয়া মানৱ শৰীৰত দেখিবলৈ পোৱা নাই বুলি প্ৰতিবেদন দাখিল কৰা হৈছে৷

 

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Kaziranga Flood; 116 Animals Dead, 143 Rescued So Far

Assam Endured Highest Single Day Spike Of COVID-19 Cases; Total Tally Reaches 26,000