in

চীনৰ বেইজিঙত পুনৰ ক’ৰোনাৰ দ্বিতীয় সংক্ৰমণ সাময়িকভাবে বন্ধ বেইজিঙৰ পাইকাৰী বজাৰ

ইণ্টাৰনেচনেল ডেস্কঃ চীনৰ বেইজিং চহৰত পুনৰ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছে। শেহতীয়াকৈ চীনৰ ৰাজধানী বেইজিঙৰ এখন পাইকাৰী বজাৰত নতুনকৈ পোৱা গৈছে ক’ৰোনা আক্ৰান্ত ৰোগী।
তাৰপিছতেই চীন চৰকাৰে বজাৰখন সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগী বৃদ্ধি পোৱাৰ পাছত ইনৰ প্ৰধান পাইকাৰী কৃষি বজাৰ সমূহ সাময়িকভাৱে বন্ধ কৰি দিছে। উল্লেখযোগ্য যে বেইজিঙত ১২ জুনত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ কথা পোহৰলৈ আহিছিল। তেতিয়াই চীন চৰকাৰ নিশ্চিত হৈছিল যে ক্ৰমাৎ ক’ৰোনাৰ পৰা কিছু পৰিত্ৰাণ পোৱা চীনত পুনৰ সংক্ৰমণ হ’ব আৰম্ভ কৰিছে মহামাৰী ক’ৰোনা। জানিব পৰা তথ্য অনুসৰি এক মাংস গৱেষণা কেন্দ্ৰত কৰ্মৰত দুজন লোক বজাৰলৈ অহাৰ পাছত তেওঁলোক আক্ৰান্ত হোৱাটো ধৰা পৰে।
কিন্ত তেওঁলোকৰ দেহলৈ কেনেদৰে সংক্ৰমণ ঘটিল সেয়া অৱশ্যে এতিয়াও নিশ্চিত হ’ব পৰা নাই বেইজিং প্রশাসন। আনহাতে,চীনত দ্বিতীয় পৰ্যায়ৰ ক’ৰোনা সংক্ৰমণৰ বাতৰিয়ে গোটেই বিশ্বক উদ্বিগ্ন কৰি তুলিছে। ইয়াৰ পূৰ্বে চীনৰ হোৱেই প্ৰদেশৰ ৰাজধানী উহানত চহৰৰ এখন বজাৰত এই ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছিল।ডিচেম্বৰ মাহৰ প্ৰথম ভাগত চীনৰ উহান চহৰত প্ৰথম প্ৰথম ধৰা পৰিছিল মহামাৰী ক’ৰোনা ভাইৰাছৰ অৱস্থিতি।
দ্বিতীয়বাৰলৈ চীনত সংক্ৰমণ হোৱাকলৈ উদ্বিগ্ন হৈ পৰিছে বিশ্ববাসী।

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Assam examines legal options for submitting NRC re-verification plea

Sushant Singh Rajput had ‘50 Dreams’ on his Bucket List