in

ৰিপুণ বৰাই হ’ব পৰৱৰ্তী এ পি চি চি ৰ সভাপতি : তৰুণ গগৈ

হেডলাইন৮ ৰিপৰ্ট: কোন হ’ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰৱৰ্তী সভাপতি? সভাপতিৰ দৌৰত আছে বহু কেইগৰাকী নেতাৰ নাম। ইতিমধ্যেই এই বিষয়টোক লৈ প্ৰদেশ কংগ্ৰেছৰ ভিতৰে বাহিৰে চলিছে সৰৱ চর্চা।বৰ্তমানৰ সভাপতিৰ দায়িত্বত থকা ৰিপুণ বৰাই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে যে তেওঁৰ উত্তৰসুৰী কেৱল তেওঁৱেই। যদিহে এই কথাই সঁচা তেন্তে কিহৰ বাবে সংবাদ মাধ্যমত প্ৰকাশ হৈছে যে অহা ২৬ জুনত হ’ব প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নিৰ্বাচন? কিয় এজনৰ পিছত আন এজন দলটোৰ নেতাই কৈছে যে অনুষ্ঠিত হ’ব সভাপতিৰ নিৰ্বাচন!

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বুধবাৰে এক সংবাদমেল অনুস্থিত কৰি কয়, প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি গৰাকী অৰ্থাৎ ৰিপুণ বৰাই হ’ব পৰৱৰ্তী সভাপতি। এই বিষয়টোক লৈ এতিয়া তোলপাৰ লাগিছে কংগ্ৰেছৰ ভিতৰ চ’ৰাত,কিয়নো ৰিপুণ বৰা হাটাও অভিযানত কিয় উঠি পৰি লাগিছে দলৰে অধিকাংশ জ্যেষ্ঠ নেতা? কংগ্ৰেছত ইতিমধ্যে আৰম্ভ হৈছে আভ্যন্তৰীণ কন্দল।বিগত ১টা বছৰে দলটোৰ ভিতৰত চলি আছে এনে বহুধাবিভক্ত ৰাজনীতি।যি ৰাজনীতিৰ বাবেই সম্প্ৰতি থানবান হৈছে বিৰোধী কংগ্ৰেছ।দলৰ একাংশ নেতাৰ মুখতেই স্পষ্ট হৈ উঠিছে এই কথা।কিন্তু তৎস্বত্তেও শেষ হোৱা নাই দলৰ এনেবোৰ ৰাজনীতি। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মতে এনে কোনো ৰাজনীতি চলা নাই দলৰ মজিয়াত। বৰঞ্চ তেওঁ কয় যে ২০২১ ৰ বিধান সভাৰ নিৰ্বাচনত বি জে পি ক ওফৰাব বুলি সদৰী কৰে।

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

BJP Government will be eradicated in 2021: Tarun Gogoi

PM Modi Censured Lockdown Rumours; Requested CMs to Gear-Up for Unlock 2.0