in

৭ দিনলৈ বন্ধ থাকিব গুৱাহাটী প্রেছ ক্লাব

press club

গুৱাহাটীঃ ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ কাইলৈৰ পৰা মহানগৰৰ আমবাৰীস্থিত গুৱাহাটী প্রেছ ক্লাবৰ সকলো কার্যসূচী অহা ৭ দিনৰ বাবে বাতিল কৰা হৈছে৷ প্রেছ ক্লাবৰ কার্যনির্বাহক সমিতিৰ ক্রীড়া সম্পাদক ধীৰাজ হাজৰিকাৰ পত্নীৰ শৰীৰত কভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পিছত সকলো বিষয় পর্যালোচনা কৰি আৰু জিলা প্রশাসনৰ সৈতে কৰা আলোচনা অনুসৰি উক্ত সিদ্ধান্ত গ্রহণ কৰা বুলি প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সম্পাদক মঞ্জয় ৰায়ে সদৰী কৰিছে৷

উল্লেখযোগ্য যে ধীৰাজ হাজৰিকা প্রেছ ক্লাবলৈ অহা-যোৱা কৰাৰ লগতে অন্যান্যসকলৰ সংস্পর্শলৈ অহাৰ পৰিপ্রেক্ষিতত তেওঁৰ সংস্পর্শলৈ অহা সকলোকে স্ব-কোৱাৰেণ্টিনত থাকিবলৈ প্রেছ ক্লাবৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে৷ ইতিমধ্যে স্বাস্থ্য বিভাগে ধীৰাজ হাজৰিকাৰ লগতে পৰিয়ালৰ সদস্যৰ ছোৱাব পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷ তেওঁৰ পৰীক্ষাৰ ফল নহা পর্যন্ত প্রেছ ক্লাবৰ সভা-কক্ষ বুকিং কৰা দল-সংগঠন তথা ব্যক্তিসকলক বিকল্প ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷

 

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Thanks to Union Home Minister Amit Shah, Delhi is all set to inaugurate India’s largest

novik

জ’ক’ভিচৰ দেহত ক’ৰোনা ভাইৰাছ