in

ক’ৰোনা চিকিৎসালয়লৈ পৰিৱৰ্তিত কৰা হ’ব মিৰ্জাৰ পতঞ্জলি কোৱাৰেণ্টাইন কেন্দ্র

patanjali

গুৱাহাটীঃ সমগ্র দেশৰ লগতে ৰাজ্যত ক’ৰোনা ভাইৰাছৰ মহামাৰীৰ গণ সংক্রমণ দিনকদিনে ক্রমাৎ ভয়াৱহ ৰূপত বৃদ্ধি পাবলৈ ধৰালৈ লক্ষ্য কৰি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ক’ৰোনা ভাইৰাছত আক্রান্ত ৰোগীৰ চিকিৎসাৰ বাবে ক’ভিড-১৯ চিকিৎসালয়ৰ সংখ্যা বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰিছে৷

কামৰূপ জিলাৰ মিৰ্জাৰ সোণতলাত অৱস্থিত পতঞ্জলি যোগপীঠত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্রটোত দুপৰীয়া প্রতিকূল বতৰকো নেওচি ৰাজ্যৰ স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাই উপস্থিত হৈ পতঞ্জলি কোৱাৰেণ্টাইন কেন্দ্রটোক ক’ভিড-১৯ চিকিৎসালয়লৈ ৰূপান্তৰ কৰা হ’ব বুলি ঘোষণা কৰে৷

তেওঁ কয় যে এই কোৱাৰেণ্টাইন কেন্দ্রটো অহা দুদিনৰ ভিতৰত ক’ভিড চিকিৎসালয়লৈ ৰূপান্তৰ কৰা হ’ব৷ চিকিৎসালয়খনত ২৫০গৰাকী ক’ৰোনা আক্রান্ত ৰোগী থাকিব পৰাৰ ব্যৱস্থা কৰা হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে৷

উক্ত কেন্দ্রটো পৰিদর্শনৰ সময়ত স্বাস্থ্য মন্ত্রী শর্মাৰ লগতে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কার্তিক এন, অতিৰিক্ত উপায়ুক্ত তথা পলাশবাৰী ৰাজহ চক্রৰ ভাৰপ্রাপ্ত চক্র বিষয়া ৰশ্মি বৰুৱা গগৈৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া-কর্মচাৰী উপস্থিত থাকে৷

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Commonwealth secretariat selects Northeast scholars for Covid-19 project

modi

২৮.০৬.২০২০ তাৰিখে ‘মন কী বাত ২.০’ৰ ১৩তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণ