in

ৰণলৈ সাজু মহাৰথী

গুৱাহাটীঃ ক’ৰোনাৰ ত্ৰাসে বিপৰ্যস্ত কৰিছে জীৱন৷ মহামাৰীবিধৰ পৰা ৰক্ষা পৰিবলৈ বলৱৎ কৰিবলগীয়া হৈছে লকডাউন৷ লকডাউনৰ সময়ছোৱাত জনসাধাৰণে নিজৰ ঘৰতে সোমাই ক্ষণ গণিছে কেতিয়া যেন এই বিপদ সমাপ্ত হয়৷ যিসময়ত জনসাধাৰণে লকডাউনৰ সময়ছোৱাত ঘৰতে আৱদ্ধ হৈ নিজৰ পৰিয়াল-পৰিজনক সময় দিছে, নিজৰ সুপ্ত প্ৰতিভা বিকশিত কৰিছে সেই সময়তে ক’ৰোনা যোদ্ধাৰ ৰূপত চিকিৎসকসকলকে ধৰি স্বাস্থ্যকৰ্মীসকল, আৰক্ষী তথা চাফাই-কৰ্মীসকলে নিজৰ প্ৰাণকো তুচ্ছ জ্ঞান কৰি জনসাধাৰণৰ সেৱাৰ বাবে ওলাই আহিছে৷ এই ক’ৰোনা যোদ্ধাসকলৰ সৈতে আন এজন ব্যক্তিয়েও জনসাধাৰণৰ সেৱাৰ বাবে সমানে হাত উজান দি যুদ্ধক্ষেত্ৰত নামি পৰিছে৷ তেওঁ আন কোনো নহয়, তেওঁ হ’ল অসমৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ দেশত ক’ৰোনাৰ সংকটে চানি ধৰাৰ সময়ৰ পৰাই অসমৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ তথা ৰোগবিধক মোকাবিলা কৰিবলৈ প্ৰস্তুতিৰ দিশটো চোৱা-চিতা কৰাৰ বাবেই মন্ত্ৰী শৰ্মাই অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ দৌৰি ফুৰিছে৷
কিন্তু শেহতীয়াকৈ মন্ত্ৰীগৰাকীৰ বৃক্কত ধৰা পৰিছে ষ্ট’নৰ অৱস্থিতি৷ চিকিৎসকে পৰীক্ষাৰ অন্তত বিপদমুক্ত বুলি ঘোষণা কৰিছে যদিও হাতত চেলাইন লৈও চৰকাৰী ফাইলৰ মাজত ব্যস্ত হৈ পৰিছে মন্ত্ৰী শৰ্মা৷ সকলোৱে আশা কৰিছে, অতি সোনকালেই সুস্থ হৈ উঠক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মহাৰথীৰ ৰূপত পুনৰ নামি পৰক ক’ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ৷

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Containment Zones Crosses 100-Mark with 80 Active Zones Guwahati: As the COVID-19 positive cases escalate

Assam Film-Maker Coming Up with New Horror-Fantasy Movie This Winter