in

গুৱাহাটীত ১০ শতাংশ লোকেও পিন্ধা নাই মাস্ক, নাই মনা সামাজিক দূৰত্ব

unmasked

গুৱাহাটীঃ গুৱাহাটীত ভয়ংকৰভাৱে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। আজি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰা সংবাদমেলত কয় যে গুৱাহাটীত প্ৰায় ১০ শতাংশ লোকেও মনা নাই সামাজিক দূৰত্ব। পিন্ধা নাই মাস্ক। জি এছ ৰোডৰ দৰে ব্যস্ততাপূৰ্ণ অঞ্চলতো মাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰিছে একাংশ লোক। এনে লোকক দেখিলে মাস্ক পিন্ধাৰ বাবে আহ্বান জনাবলৈ অনুৰোধ কৰিলে মন্ত্ৰী শৰ্মায়ে।

গুৱাহাটীৰ এনে পৰিস্থিতি দেশৰ কোনো অঞ্চলতেই নাই। আনলক হোৱাৰ পাছৰে পৰা সকলোৱে ওলাই আহিছে আড্ডাত বহিছে, ৰেষ্টুৰেণ্টলৈ খাব গৈছে। কোনো লোকেই সজাগ হোৱা নাই। তেনেস্থলত আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পোৱাটো অস্বাভাৱিক নহয়।

লোকসকল সজাগ নহ’লে আমি একো কৰিব নোৱাৰিম। গুৱাহাটীত আক্ৰান্তৰ সংখ্য়া বৃদ্ধি হৈ থাকিলে আমি ৰোগীসমূহ আন চিকিৎসায়লৈ নিব লাগিব। সেয়া আমাৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান হ’ব বুলিও সংবাদমেলত মন্তব্য মন্ত্ৰী ড০ শৰ্মাৰ।

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Fact Check: Bhutan is not blocking water supply to Assam clarifies Chief Secretary

গুৱাহাটীত লকডাউন – কি খোলা থাকিব আৰু কি বন্ধ থাকিব?