in

পাঁচ জুলাইৰ পৰা গুৱাহাটী মহানগৰীত প্ৰদান কৰা হ’ব লকডাউনত কিছু শিথিলতা

unlock

গুৱাহাটীঃ পুৱা ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ খুলিব পাৰিব কেতবোৰ প্ৰতিষ্ঠান৷ ২০ শতাংশ গেলামালৰ দোকান খুলিব পাৰিব ৷ ফলমূল আৰু শাক-পাচলি ঘৰে ঘৰে ব্যৱসায়ীয়ে দিব পাৰিব ৬ আৰু ৮ জুলাইত ৷ এই দুটা দিনত পুৱা ৮ বজাৰ পৰা ২ বজালৈ ঘৰে ঘৰে যোগান ধৰিব পাৰিব ৷

ঔষধ আৰু ঔষধজাত সামগ্ৰীৰ পাইকাৰী বজাৰ খুলিব পাৰিব ৬ আৰু ৮ জুলাইত ৷ এই দুটা দিনৰ পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈ চলাব পাৰিব এই ব্যৱসায় ৷

ই-কমাৰ্চ কেৱল এদিনৰ বাবে খুলিব পাৰিব ৷ দহ জুলাইত পুৱা ১১ বজাৰ পৰা আবেলি ৪ বজালৈ খুলিব পাৰিব ৷

ডাকঘৰ আৰু জীৱন বীমা নিগম ১০% কৰ্মচাৰীৰে খুলিব পাৰিব ৷ দুয়োটা কাৰ্যালয়ৰ ১০% শাখাহে খুলিব পাৰিব৷

এই আনল’কত পদপথত কোনো ফলমূল, শাকপাচলি, মাছ আদিৰ দোকান দিব নোৱাৰিব ৷ গুৱাহাটী মহানগৰীত আনলক ঘোষণা কৰি এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৷

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Raj Bhavan Campus declared as Containment Zone

Revision Of Guidelines For Kamrup Metro Issued