in

বিপদসীমাৰ ওপৰত জলপৃষ্ঠ

flood

গুৱাহাটীঃ গুৱাহাটীত মহাবাহু ব্রহ্মপুত্রৰ জলপৃষ্ঠ বিগত কেইবাদিন বাঢ়ি থকাত আজি নিশালৈ ইয়াৰ বিপদ সীমাৰ ওপৰেদি বৈ যোৱাৰ সম্ভাৱনা আছে৷ গুৱাহাটী পূব জলসম্পদ সংমণ্ডলে দিয়া তথ্য অনুসৰি আজি পুৱাই জলপৃষ্ঠ ৪৯.৫৪ মিটাৰ অতিক্রম কৰিছে৷ ইফালে গুৱাহাটীত বিপদসীমা ৪৯.৬৮ মিটাৰ ধার্য কৰা আছে৷

আনহাতে বিভিন্ন ঠাইৰ লগতে গুৱাহাটী মহানগৰতো কালিৰ পৰা দি থকা বৰষুণৰ ফলত ভৰলুৰ লগতে মৰাভৰলু, বাহিনী নৈৰ পানীও ওফন্দি উঠিছে৷ বাহিনী নৈৰ জলপৃষ্ঠ আজি পুৱা বিপদ সীমা ৪৯.৬০ মিটাৰ অতিক্রম কৰে৷ একেদৰে ভৰলু নৈৰ জলপৃষ্ঠও বিপদসীমা ৪৯.৫০ মিটাৰ অতিক্রম কৰিছে৷ যাৰ বাবে পুৱা গুৱাহাটীৰ ভঙাগড়ৰ লগতে বুৰ গৈছে জু-ৰোড৷

যাতায়াত বন্ধ হৈ পৰাৰ লগতে যাত্রীয়ে ব্যাপক অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হৈছে৷ ইতিমধ্যে ব্রহ্মপুত্রৰ জলপৃষ্ঠ বিপদসীমা অতিক্রমৰ পাছতে গুৱাহাটীৰ সম্ভাব্য বিপদৰ প্রতি লক্ষ্য ৰাখি জিলা প্রশাসনে ভৰলু আৰু মৰা ভৰলুৰ শ্লুইচ গে’ট বন্ধ কৰিছে৷ এই সময়ত গুৱাহাটীত বৰষুণৰ পৰিমাণ বৃদ্ধি পালে মহানগৰবাসী বৃহৎ কৃত্রিম বানত ডুবিব লাগিব৷

তথ্য মতে আজি গুৱাহাটী পূব জলসম্পদ সংমণ্ডলৰ চৌহদত বৰষুণৰ পৰিমাণ ২৮ মিলিমিটাৰ, খানাপাৰাৰ এছ আই আৰ ডি চৌহদত ৩৭ মিলিমিটাৰ আৰু গান্ধী মণ্ডপত ৩৫ মিলিমিটাৰ৷ বৰঝাৰস্থিত গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রৰ তথ্য অনুসৰি কাইলৈ গুৱাহাটীত ২৩ৰ পৰা ৩০ মিলিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা থকাৰ লগতে আগন্তুক প্রায় এসপ্তাহ মহানগৰত বৰষুণৰ পৰিমাণ আৰু বৃদ্ধি পাব৷

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Imran Khan Faces Backlash After He Called Bin Laden ‘Martyr’

train

১২ আগষ্টলৈ বাতিল কৰা হৈছে যাত্ৰীবাহী ৰে’ল