in

চীনত আৰম্ভ হৈছে বিতৰ্কিত কুকুৰৰ মাংসৰ উৎসৱ

dog china

গুৱাহাটীঃ ক’ৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে চীনত আৰম্ভ হৈছে বিতৰ্কিত ইউলিন কুকুৰৰ মাংসৰ উৎসৱ। ২১ জুনৰ পৰা আৰম্ভ হোৱা এই বিতৰ্কিত উৎসৱ ৩০ জুনলৈকে ১০ দিনৰ বাবে চলিব। চীনৰ য়ুহানৰ এখন বজাৰৰ বাদুলীৰ পৰাই ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰথমে আৰম্ভ হোৱা বুলি সমগ্ৰ বিশ্বতে প্ৰচাৰিত হৈছিল৷ পিছতে চীনৰ চৰকাৰে সেই বজাৰখন বন্ধ কৰি দিছিল যদিও কিন্তু কিছুদিন পিছত বজাৰখন পুনৰ মুকলি কৰি দিয়ে। এতিয়া কুকুৰৰ মাংসৰ উৎসৱটোক লৈয়ো পশুপ্ৰেমী কৰ্মীকে ধৰি বিভিন্ন লোকে প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ক’ৰোনাৰ সংহাৰৰ মাজতে চীনে কুকুৰ আৰু মেকুৰীক পোহনীয়া পশু হিচাপে গণ্য কৰি এইবোৰ খোৱাটো বন্ধ কৰা হ’ব বুলি বাতৰি প্ৰকাশিত হৈছিল। কিন্তু এতিয়া পুনৰ ইউলিন কুকুৰৰ মাংসৰ উৎসৱৰ অনুমতি দিয়াক লৈ বিশ্বৰ পশুপ্ৰেমীসকল ক্ষোভিত হৈ পৰিছে। ইউলিন কুকুৰ মাংসৰ উৎসৱত প্ৰতি বছৰে হাজাৰ হাজাৰ লোকৰ সমাৱেশ হয়। বজাৰখনত বিভিন্ন ধৰণৰ কুকুৰ সজাত বন্দী কৰি ৰখা হয় আৰু গ্ৰাহকৰ পচন্দ অনুযায়ী সেইবোৰক তাতে মাৰি খোৱাৰো ব্যৱস্থা আছে।
উল্লেখ্য, এই উৎসৱত কুকুৰৰ সৈতে অমানৱীয় ব্যৱহাৰ কৰা হয়৷ বহুতো দোকানীয়ে জীয়াই জীয়াই কুকুৰৰ ছাল বখলিওৱাও এই উৎসৱত দেখা যায়৷ কোৱা হয় যে এই উৎসৱত প্ৰায় ১০,০০০ কুকুৰ হত্যা কৰি সেইসমূহৰ মাংস বিক্ৰী কৰা হয়৷

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Sayonara Fair & Lovely: HUL to scrap down Fair form their brand

৬দিনৰ বাবে বন্ধ থাকিব গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়