in

বঙাইগাঁও আৰক্ষীৰ মহানুভৱতা

POLICE

গুৱাহাটীঃ বঙাইগাঁও জিলাৰ অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অৰ্ধশতাধিক গাওঁ প্ৰৱল বানপানীৰ কবলত পৰিছে৷। ফলত ঠায়ে ঠায়ে শ শ বন্যাৰ্তসকলে ওখ ঠাইত আশ্ৰয় শিবিৰ পাতি থাকিবলগীয়া হৈছে। বানপানীৰ ফলত ভোকে পিয়াহে থাকিবলগীয়া হৈছে অসংখ্য বন্যাৰ্তই। এনে সন্ধিক্ষণত কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱ প্ৰসাদ কলিতাৰ নেতৃত্বত কোকিলা আৰক্ষীয়ে গোলাপাৰা – নাম্বাৰপাৰা সংযোগী আৰ চি চি দলংৰ ওপৰত শিবিৰ পাতি থকা প্ৰায় ২৫০ ভোকাতুৰ বন্যাৰ্ত সকলৰ বাবে কোকিলা আৰক্ষীয়ে খিচিৰি ৰান্ধি বন্যাৰ্তক যোগান ধৰে। শিবিৰত থকা মানুহৰ দুখ বেদনাৰ বুজ ল’বলৈ যোৱা কোকিলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই ৰাতিৰ এসাজ আহাৰ ব্যৱস্থা কৰা কাৰ্য্যক বহুতে প্ৰশংসা কৰিছে । কোকিলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱ প্ৰসাদ কলিতাই লকডাউনৰ ব্যস্ততাৰ মাজতো দুখীয়া মানুহৰ মাজত খাদ্য সামগ্ৰী, কাপোৰ বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল।

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Iranian Government Goes Berserk, Issues Arrest Warrant against President Trump

Free Ration – Five (5) Months – 80 Crore People