in

৫০ শতাংশ যাত্রীৰে ১৫ জুনৰ পৰা চলিব বেচৰকাৰী বাছ

bus

গুৱাহাটীঃ সম্পূর্ণ চাৰিকুৰিতকৈও অধিক দিন বন্ধ হৈ থকাৰ পাছত ৰাজ্যত অহা ১৫ জুনৰ পৰা পূর্বৰ দৰেই স্বাভাৱিকভাৱে চলিব যাত্রীবাহী বেচৰকাৰী বাছসমূহ৷ কভিড-১৯ৰ সংক্ৰমণৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে ইতিমধ্যে জাৰি কৰা নিয়ম অনুসৰি এই বাছসমূহতো গন্তব্যস্থললৈ যাব পাৰিব কেৱল পঞ্চাশ শতাংশ যাত্রীহে৷

বাছত থাকিব চেনিটাইজাৰৰ লগতে চাবোন আৰু হাত ধুবৰ বাবে পানী৷ যাত্রী নমাই দিয়াৰ পাছত বাছসমূহ প্রতিদিনে কৰা হ’ব ছেনিটাইজেশ্যন৷ কিন্তু বেচৰকাৰী বাছত যাত্রীসকলে এতিয়াৰ পৰা আদায় দিব লাগিব দুগুণ ভাৰা৷

অর্থাৎ অহা ১৫ জুনৰ পৰা বাছ ভাৰা বৃদ্ধি পাব সম্পূর্ণ এশ শতাংশ৷ অৱশ্যে এয়া কভিড-১৯ৰ বাবে চৰকাৰৰ পঞ্চাছ শতাংশ যাত্রী কঢ়িওৱাৰ পৰা উক্ত নির্দেশনা বাহাল থকালৈকেহে প্রযোজ্য হ’ব৷ পূর্বৰ দৰে সম্পূর্ণ যাত্রী কঢ়িয়াব পৰা পৰিৱেশ ঘূৰি অহাৰ লগে লগেই এই দুগুণ ভাৰা দিয়াৰ পৰা সকাহ পাব জনসাধাৰণে৷

আজি শোণিতপুৰ বেচৰকাৰী পৰিবহণ সন্থাৰ সৌজন্যত অসমৰ প্রতিখন জিলাৰ পৰিবহণ সন্থাৰ তেজপুৰত অনুষ্ঠিত হোৱা এখন জৰুৰী সভাত লোৱা হয় এই সিদ্ধান্ত৷ সদৌ অসম মটৰ পৰিবহণ সন্থাৰ সভাপতি ৰাতুল চন্দ্র শর্মাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ অন্তত শোণিতপুৰ জিলা বেচৰকাৰী পৰিবহণ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্রমে অমিত কুমাৰ নাথ আৰু নয়নজ্যোতি কলিতাই সংবাদ মাধ্যমক কয় যে কভিড-১৯ ৰোগৰ প্রাদুর্ভাৱৰ সময়ত বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ পাছতো বেচৰকাৰী পৰিবহণ সন্থাই অর্থাৎ বাছ মালিকসকলে চৰকাৰ-প্রশাসনক পার্যমানে সহযোগিতা আগবঢ়াই আহিছে৷

কিন্তু ইয়াৰ পাছতো চৰকাৰে এই মালিক কিম্বা মটৰ শ্রমিকসকলৰ বাবে এক শতাংশও চিন্তা নকৰিলে৷ আজি মালিকসকলৰ লগতে শ্রমিকসকলে কেনে পৰিস্থিতিত দিন অতিবাহিত কৰিছে সেয়া অবর্ণনীয়৷ কিন্তু বাছৰ বীমাই হওক, কিম্বা কৰেই হওক বা বেংকৰ ঋণেই হওক, কোনো ক্ষেত্রতে কিন্তু ৰেহাইৰ ব্যৱস্থা কৰা নহ’ল৷

গতিকে ৮০ দিনতকৈও অধিক সময় বন্ধ কৰি ৰখাৰ পাছত অহা ১৫ জুনৰ পৰা মটৰ শ্রমিক আৰু নিজৰ পেটৰ কথা চিন্তা কৰিয়েই বাছসমূহ চলোৱাৰ চিন্তা কৰা হৈছে৷ অৱশ্যে প্রথম পর্যায়ত প্রতিদিনে ২৫ৰ পৰা ৫০ শতাংশ বেচৰকাৰী বাছহে চলাচল কৰোৱাৰ ব্যৱস্থা কৰা হ’ব৷

শিৱসাগৰ সন্মিলিত বাছ মালিক সন্থাৰ দেৱাংগ দুৱৰীকে ধৰি অসমৰ প্রায়সমূহ জিলাৰ পৰা অহা প্রতিনিধিৰ উপস্থিতিত অমিত কুমাৰ নাথ আৰু নয়নজ্যোতি কলিতাই আৰু কয় যে বাছ ভাৰা সাময়িকভাৱে দুগুণ বৃদ্ধি কৰাৰ বাবে তেওঁলোক জনসাধাৰণৰ ওচৰত ক্ষমা কিন্তু পেটৰ দায়তহে এনে কৰিবলৈ বাধ্য হৈছে৷

ইফালে এই বাছ ভাৰা দুগুণ কৰাৰ সিদ্ধান্তত যদি অসম চৰকাৰে হস্তক্ষেপ কৰে তেন্তে বর্তমানৰ কভিড-১৯ৰ সংহাৰৰ সময়ৰ উপৰি অনাগত সময়তো যিকোনো চৰকাৰী বা প্রশাসনিক কাম-কাজত সহযোগিতা নকৰাৰ কঠোৰ সিদ্ধান্তও আজিৰ সভাত গ্রহণ কৰা হয় বুলি সদৌ অসম মটৰ পৰিবহণ সন্থাই সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰে৷

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Former Pakistan Captain Shahid Afridi tests positive for COVID-19

Rituparna murder case probe by CID