in

১২ আগষ্টলৈ বাতিল কৰা হৈছে যাত্ৰীবাহী ৰে’ল

train

গুৱাহাটীঃ ভাৰতীয় ৰে’লৱেয়ে ১২ আগষ্টলৈ বাতিল কৰিছে নিয়মীয়া যাত্ৰীবাহী ৰে’ল৷ ৰাজধানী বিশেষ আৰু অন্যান্য বিশেষ যাত্ৰীবাহী ৰে’লৰ সেৱা অব্যাহত থাকিব বুলি জনাইছে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিষয়াবৰ্গই৷
ক’ভিড-১৯ৰ বৰ্ধিত প্ৰাদুৰ্ভাৱৰ ফলত গুৱাহাটীত ঘোষণা কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত সকলো নিয়মীয়া যাত্ৰীবাহী ৰে’লৰ সেৱা, প্ৰিমিয়াম ৰে’লৰ সেৱা, মেইল/এক্সপ্ৰেছ ৰে’ল, নেৰ’ গজৰ ৰে’ল আদিৰ সেৱা বাতিল কৰা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এক বিবৃতিত প্ৰকাশ পাইছে৷
ঠিক সেইদৰে উত্তৰ পূব সীমান্ত ৰে’লৱে মণ্ডললৈ অহা সকলো নিয়মীয়া যাত্ৰীবাহী ৰে’ল আৰু ইয়াৰ পৰা যোৱা ৰে’লসমূহৰ সেৱাও বাতিল কৰা হৈছে বুলি বিবৃতিটোত প্ৰকাশ পাইছে৷
উত্তৰ পূব সীমান্ত ৰে’লৱেৰ তৰফৰ প্ৰকাশিত বিবৃতিটোত কোৱা হৈছে যে ১২ আগষ্ট তাৰিখলৈ বুক কৰা সকলো টিকট বাতিল হ’ব আৰু যাত্ৰীসকলক সম্পূৰ্ণ ধন উভতাই দিয়া হ’ব৷
উল্লেখ্য, ৰে’ল যাত্ৰা অব্যাহত থাকিবলগীয়া ৰে’লসমূহৰ ভিতৰত নতুন দিল্লী-ডিব্ৰুগড় (দৈনিক) বিশেষ ৰাজধানী, আগৰতলা-আনন্দ বিহাৰ (সাপ্তাহিক) বিশেষ ৰাজধানী, ডিব্ৰুগড়-দিল্লী (দৈনিক) বিশেষ ব্ৰহ্মপুত্ৰ মেইল, গুৱাহাটী-লোকমান্য কিলক টাৰ্মিনাছ (দ্বি-সাপ্তাহিক) বিশেষ এক্সপ্ৰেছ আৰু গুৱাহাটী-যোৰহাট বিশেষ জন শতাব্দী ৰে’লক অন্তৰ্ভুক্ত কৰা হৈছে৷

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
flood

বিপদসীমাৰ ওপৰত জলপৃষ্ঠ

COVID-19

High Alert!! Guwahati Registers 203 COVID-19 Cases In a Single Day