in ,

এইবাৰ টিকট কাৰ? বিশ্লেষণৰ বিষয় – পূৱ গুৱাহাটী সমষ্টি

ticket kaar

হেডলাইন৮ ডেস্কঃ হাতত নাই ৩৬৫ দিন । অৰ্থাৎ এবছৰ । ইতিমধ্যে শাসক বিৰোধী উভয়ে ২০২১ৰ নিৰ্বাচনৰ ৰণ শিঙা বজাইছে । ক’ৰোনা মহামাৰীৰ লকডাউনৰ সময়তেই অসমৰ শাসনাধিষ্ঠ ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰ্চুৱেল ৰেলীৰ আয়োজন কৰিছে । শদিয়াৰ পৰা ধুবুৰীলৈ জনসম্পৰ্ক অভিযান আৰম্ভ কৰিছে । পিছ পৰি ৰোৱা নাই বিৰোধী দলসমূহো । দৰিদ্ৰ তথা দুৰ্গতক সাহায্য দিয়াৰ নামতো পৰোক্ষভাৱে নামি পৰিছে নিৰ্বাচনী ৰাজনীতিত । এইখিনি সময়তেই ৰাজ্যখনৰ এটা বিশেষ সমষ্টি চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ।

কিন্ত এই সমষ্টিতো কি?

কিয় চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে এই সমষ্টিটো?

হয়, এই সমষ্টিটো হ’ল পূব গুৱাহাটী

সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

কিন্তু হঠাৎ নিৰ্বাচনী প্ৰেক্ষাপটত সমষ্টিতো চৰ্চাৰ কিয় কেন্দ্ৰ বিন্দু হৈ পৰিছে ?

মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এই সমষ্টিটোত এইবাৰ চকু মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা তথা বিজেপিৰ জেষ্ঠ নেতা শান্তনু ভৰালীৰ । তেওঁ ইতিমধ্যে কেইবাবাৰো এই সমষ্টিটোৰ টিকটৰ বিজেপিৰ শক্তিশালী দাবীদাৰ আছিল । কিন্তু ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত তদানীন্তন প্ৰদেশ বিজেপিৰ সভাপতি হিচাবে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই সমষ্টিটোৰ টিকট পাবলৈ সক্ষম হৈছিল । আৰু তেওঁ জয়লাভো কৰিছিল ।কিন্তু সোণোৱাল মন্ত্ৰী সভাত তেওঁ স্থান পাবলৈ সক্ষম হোৱা নাছিল । সেয়ে দল আৰু চৰকাৰৰ ওপৰত তেওঁ দীৰ্ঘদিন ধৰি খড়গহস্ত হৈ আছিল । কিন্তু অৱশেষত সোণোৱাল মন্ত্ৰী সভাৰ প্ৰথমটো সম্প্ৰসাৰণতেই তেওঁ কেবিনেট মন্ত্ৰীত্ব লাভ কৰি শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ লাভ কৰিবলৈ সক্ষম হৈছিল । কিন্তু বিভাগ পৰিচালনাত ব্যৰ্থতা আৰু দলীয় নেতা-কৰ্মীৰ ব্যাপক অভিযোগৰ বাবে চলিত বৰ্ষৰ জানুৱাৰী মাহত হোৱা সোণোৱাল মন্ত্ৰী সভাৰ দ্বিতীয়টো সম্প্ৰসাৰণত তেওঁৰ পৰা শিক্ষা দপ্তৰ কাটি নি হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত অৰ্পণ কৰা হৈছিল ।

কিন্তু এতিয়া দলে তেওঁক পাখি কটা অভিযান আৰম্ভ কৰিছে ।

এই ক্ষেত্ৰত সৰ্বাধিক ভূমিকা গ্ৰহণ কৰিছে দলৰ অভিভাৱক সংগঠন আৰএছএছে (RSS) ।

মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক দলে মনোনিবেশ কৰিবলৈ দিছে বৰক্ষেত্ৰী বিধান সভা সমষ্টিত ।

এই সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক আকৌ বিজেপি দলৰেই নাৰায়ণ ডেকা ।

এই বৰক্ষেত্ৰী সমষ্টিৰেই মূল নিবাসী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পৰিয়াল ।

সেয়ে দলে বৰক্ষেত্ৰী সমষ্টিত নাৰায়ণ ডেকাক ফেৰ মাৰি দলীয় টিকট আনিবলৈ পৰামৰ্শ আগবঢ়াইছে মন্ত্ৰী ভট্টাচাৰ্যক ।

মন্ত্ৰী ভট্টাচাৰ্যই বৰক্ষেত্ৰী সমষ্টিলৈ চকু দিয়াত ইতিমধ্যে নিদ্ৰাহৰণ হৈছে বৰ্তমানৰ বিধায়ক নাৰায়ণ ডেকাৰ । ইয়াৰ লগতে মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীয়ে পূব-গুৱাহাটী সমষ্টিলৈ চকু দিয়াত এক প্ৰকাৰ মূৰৰ কামোৰণিৰ সৃষ্টি হৈছে মন্ত্ৰী ভট্টাচাৰ্যৰ । ২০২১ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শাসকীয় দলটোৰ ভিতৰত যে এখন বঙহৰ লগত বঙহৰ যুঁজ হ’ব সেয়া নিশ্চিত । কিন্তু নিৰ্বাচনী ৰাজনীতিত শেষ হাঁহি কোনে মাৰিবলৈ সক্ষম হব সেয়া স্বাভাৱিক অৰ্থতেই লক্ষণীয় হ’ব ।

 

 

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
Rainfall

Intense Rainfall Spell Expected Over The Northern and Northeastern Parts Of India During 18-21 July

COVID Vaccine

Bharat Biotech Starts Phase 1 Human Clinical Trial of Covaxin Vaccine