in

ফুৰিবলৈ যোৱা নগাঁৱৰ স্নেহাক ঘৰৰ পদূলিত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ, চিকিৎসালয়ত মৃত্যু

sneha

নিউজ ডেস্কঃ  নগাঁৱৰ ফৌজদাৰী পট্টিৰ নামঘৰ পথৰ স্নেহা ডেকা ওৰফে নিকি নামৰ এগৰাকী নৱম মান শ্ৰেণীৰ ছাত্ৰীয়ে আজি দিনৰ প্ৰায় ৩বজাত ঘৰৰ ওচৰৰে এগৰাকী বান্ধৱীৰ সৈতে ফুৰিবলৈ গৈছিল।

জানিব পৰা মতে মানস বৰা,  বাবলু দাস আৰু সিং উপাধিৰ কেইজনমান যুৱকৰ সৈতে মটৰচাইকেলত ফুৰিবলৈ গৈছিল স্নেহা। কিন্তু নিশা প্ৰায় ৯বজাত দুজন যুৱকে মুমূৰ্ষু অৱস্থাত স্নেহাক ঘৰৰ পদূলিত পেলাই থৈ যায়। পৰিয়ালৰ লোকে স্নেহাক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ইয়াৰ পিছতে স্নেহাৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত মানস বৰা নামৰ যুৱকজনক আৰক্ষীয়ে আটক কৰে। আনহাতে স্নেহাৰ বান্ধৱী গৰাকীকো নগাঁও চহৰৰ হুজগাঁৱত সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ কৰে ৰাইজে। চিকিৎসকে সন্দেহ কৰা মতে  অধিক পৰিমাণৰ ড্ৰাগছ সেৱন কৰাৰ ফলতে মৃত্যু হৈছে স্নেহাৰ।

নগাঁৱৰ লয়লা ইংলিছ স্কুলৰ নৱম মান শ্ৰেণীৰ ছাত্ৰী স্নেহা ড্ৰাগছ আসক্ত হোৱাৰ কথা সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়েও। ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বৰ্তমান স্নেহাৰ মৃতদেহ মৰ্গত ৰখা হৈছে আৰু বৃহস্পতিবাৰে পুৱা মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক গতাই দিয়া হ’ব।

ইতিমধ্যে স্নেহাৰ বান্ধৱীগৰাকীকো চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু বৰ্তমান তেওঁ বিপদমুক্ত।

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Fact Check- Akhil Gogoi Has Not Tested Positive For COVID-19, Guwahati Central Jail IGP Confirms

Delhi University Postpones UG Exams Till August