in

নিজৰ চাকৰি সুৰক্ষিত কৰিবলৈ পিতৃক হত্যা কৰিলে পুত্ৰ সন্তানে

murder

৭ জুন ২০২০ কৰিমনগৰঃ সমবেদনাভিত্তিত নিজৰ চাকৰি সুৰক্ষিত কৰিবলৈ এজন ব্যক্তিয়ে তেওঁৰ ৫৫ বছৰীয়া পিতৃক নৃশংসভাৱে হত্যা কৰে৷ এই ঘটনা সংঘটিত হৈছে তেলেংগানাত৷ ব্যক্তিজনৰ পিতৃয়ে এটা ৰাজহুৱা খণ্ডৰ উদ্যোগত কাম কৰিছিল৷ ২৫ বছৰীয়া ব্যক্তিগৰাকীয়ে তেওঁৰ পিতৃক এখন টাৱেলেৰে হত্যা কৰি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে তেওঁলোকে ব্যক্তিজনৰ দুয়োজন সন্তানক গ্ৰেপ্তাৰ কৰে আৰু মাতৃগৰাকী নিৰুদ্দেশ হৈ আছে বুলি জানিবলৈ দিয়ে৷
জ্যেষ্ঠ সন্তানে পিতৃক হত্যা কৰাৰ পিছত পৰিয়ালৰ লোকে পিছদিনা পুৱা ব্যক্তিগৰাকী হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা বুলি চুবুৰীয়াক জানিবলৈ দি অন্ত্যেষ্টিক্ৰিয়াৰ বাবে আয়োজন কৰে৷
চুবুৰীয়াসকলৰ কিছুসংখ্যক লোকে ইয়াতে সন্দেহ প্ৰকাশ কৰে আৰু তেওঁলোকে আৰক্ষীৰ হস্তক্ষেপ দাবী কৰে৷
ব্যক্তিগৰাকীৰ বিৰুদ্ধে ভাৰতীয় পেনেল কোড ধাৰা ৩০২, ১২০-বি, ২০১ আৰু ৩৪ ৰ অধীনত অভিযোগ দাখিল কৰি গ্ৰেপ্তাৰ কৰা হয়৷

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

চীনক হুংকাৰ প্ৰদান কৰি নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হ’ল আমুল ‘সুৰক্ষা প্ৰক্ৰিয়া’ক জগৰীয়া কৰিলে ছ’চিয়েল মিডিয়া ৱেবছাইটে

stock

Sensex, Nifty over 1% due to financial growth as lockdown abates