in

বানৰ কৱলত কাজিৰঙা

kaziranga flood

গুৱাহাটীঃ বছৰটোৰ দ্বিতীয়টো বানৰ কৱলত পৰিছে ঐতিহ্যমণ্ডিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উদ্যানখনৰ আশী শতাংশ অঞ্চল জলমগ্ন কৰি তুলিছে৷ এই পৰ্যন্ত ১২৫টা বন-শিবিৰ জলমগ্ন হৈছে বুলি জানিব পৰা গৈছে৷

উদ্যানখনৰ পশুবোৰ এতিয়া ৰাষ্ট্ৰীয় ঘাইপথলৈ উঠি আহিছে৷ এক কথাত ক’বলৈ গ’লে ৰাষ্ট্ৰীয় ঘাইপথটো পশুবোৰৰ আশ্ৰয়থলীলৈ ৰূপান্তৰিত হৈছে৷ ব্ৰহ্মপুত্ৰকে ধৰি উজনি অসমৰ কেইবাখনো নদী-উপনদীৰ বিপদসীমাৰ ওপৰেৰে পানী বৈ থকালৈ চাই আগন্তুক সপ্তাহটোত বানপানীয়ে আৰু অধিক কালান্তক ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে বুলি বিশেষজ্ঞমহলে প্ৰকাশ কৰিছে৷

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
S Ganguly

আইচিচিৰ এতিয়াই মুৰব্বী হ’ব নিবিচাৰে গাংগুলীয়ে

Sonowal Takes Stock Of Flood Situation