in

যোৰহাটত অনির্দিষ্টকাললৈ সম্পূর্ণ লকডাউন

unlock

নিউজ ডেস্কঃ যোৰহাটত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলা দণ্ডাধীশে যোৰহাৰ পৌৰসভাৰ লকডাউন অনিৰ্দিষ্টকাললৈ বৃদ্ধি কৰিছে৷ যোৱা ৬ জুলাইত প্ৰশাসনে ঘোষণা কৰা লকডাউনৰ আজি অন্ত পৰিছিল যদিও ক্ৰমবৰ্ধমান ৰোগীৰ সংখ্যালৈ লক্ষ্য কৰি পৌৰ এলেকাৰ বাহিৰেও অন্য অঞ্চললৈ লকডাউনৰ পৰিসীমা সম্প্ৰসাৰিত কৰিছে৷

সেই অনুসৰি, পৌৰএলেকাৰ উপৰি চিনামৰা তিনিআলি, লিচুবাৰী চাৰিআলি, ৰৰৈয়া চাৰিআলি, অজন্তা বাইপাছ, মালৌআলি বাইপাছ, সর্বাইবন্ধা বাইপাছ, বড়িগাঁও বাইপাছ, কেন্দুগুৰি বাইপাছ, জে ই চি গে’ট গড়মূৰ আৰু জে ই চি কেম্পাছ, জেইল তিনিআলি, সোণাৰি গাঁৱৰ এক নং ৰ’ড হৈ এ টি ৰ’ডলৈ, সেইদৰে সদৰ তিনিআলি হৈ লিচুবাৰীৰ পৰা জেইল তিনিআলিলৈ, অসম কৃষি বিশ্ববিদ্যালয়ৰ কেম্পাছকে ধৰি বিভিন্ন এলেকাকৈ বৃদ্ধি কৰিছে লকডাউন৷

ইফালে প্রশাসনে পাইকাৰী গেলামাল দোকানসমূহ পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে খোলা থাকিব বুলি জনাইছে৷ খুচুৰা গোলামালৰ দোকানসমূহ দুপৰীয়া ১২ বজাৰ পৰা সন্ধ্যা ৬ বজালৈকে খোলা থাকিব৷ শাক-পাচলি, ফলমূল, মাছ, মাংস, আৰু পেকেজ খোৱাপানীৰ হ’ম ডেলিভাৰীৰ অনুমতি দিছে প্রশাসনে৷ কাইলৈ পুৱা ৭ বজাৰ পৰা পুনৰ নির্দেশ নিদিয়া পর্যন্ত বাহাল থাকিব লকডাউন৷

 

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
Mamta

চৰকাৰী চাকৰি, ১০ লাখ টকাৰ আৰ্থিক সাহায্য মৃত ক’ভিড যোদ্ধাৰ পৰিয়াললৈ

jahnabi

শিৰোনামত জাহ্নৱী কাপুৰ