in ,

গুৱাহাটীত পুনৰ বৃদ্ধি পাব লকডাউন

strict

গুৱাহাটীঃ গুৱাহাটীত পুনৰ লকডাউন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ অতি কমেও দুসপ্তাহ লকডাউন বৃদ্ধিৰ পোষকতা কৰিছে চৰকাৰে৷ আজি জিলা প্রশাসনৰ উদ্যোগত স্বাস্থ্য বিভাগ, নাগৰিক সমাজক লৈ অনুষ্ঠিত বৈঠকত গুৱাহাটীত পুনৰ লকডাউন বৃদ্ধিৰ ওপৰত সকলোৱে সহমত পোষণ কৰে৷ কাইলৈ আনুষ্ঠানিকভাৱে চৰকাৰে ১২ জুলাইৰ পাছত পুনৰ ২৬ জুলাইলৈ লকডাউন বৃদ্ধিৰ সিদ্ধান্ত ঘোষণা কৰিব বুলি দিছপুৰৰ সূত্রই জনাইছে৷

উল্লেখযোগ্য যে লকডাউন সম্পর্কীয় বিষয়ৰ ওপৰত আলোচনা কৰাৰ বাবে আজি জি এম চি এইচৰ প্রেক্ষাগৃহত অনুষ্ঠিত বৈঠকত ২০খন নগৰ সমিতিৰ প্রতিনিধি, আৰক্ষী-প্রশাসন আৰু স্বাস্থ্য বিভাগৰ শীর্ষ বিষয়াই অংশগ্রহণ কৰে৷ বৈঠকত লকডাউন বৃদ্ধিৰ পোষকতা কৰা হয় যদিও পুনৰ দুসপ্তাহ নে এসপ্তাহ বৃদ্ধি কৰা উচিত সেই সন্দর্ভত চৰকাৰক সিদ্ধান্ত ল’বলৈ কোৱা হয়৷ অৱশ্যে লকডাউনৰ সময়ছোৱাত কিছু নতুন গাইড লাইনৰ প্রয়োজনীয়তাৰ ওপৰত নাগৰিক সমাজে গুৰুত্ব আৰোপ কৰে৷

বিশেষকৈ মহানগৰবাসীৰ বাবে পর্যাপ্ত খাদ্য সামগ্রী, ঔষধ তথা অন্যান্য অত্যাৱশ্যকীয় সামগ্রী যোগানত যাতে অসুবিধাৰ সৃষ্টি নহয়, তাৰ ওপৰত গুৰুত্ব দিবলৈ নাগৰিক সমাজে প্রশাসনক অনুৰোধ জনায়৷ তদুপৰি দিন হাজিৰা কৰি খোৱা আৰু অসংগঠিত শ্রমিকসকলক লকডাউনৰ সময়ত সাহায্য বিতৰণৰ পৰামর্শ আগবঢ়াইছে নাগৰিক সমাজে৷ বৈঠকৰ অন্তত স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিনহাই কয় যে লকডাউন বৃদ্ধি নকৰিলে বিগত দিনকেইটাৰ কষ্ট অথলে যাব৷ যিহেতু গুৱাহাটীত সংক্রমিত লোক নতুনকৈ চিনাক্ত হৈ আছে, সেয়েহে লকডাউন বৃদ্ধিৰ গত্যন্তৰ নাই৷

উল্লেখযোগ্য যে গুৱাহাটীত সম্পূর্ণ লকডাউন ২৮ জুনৰ সন্ধিয়া ৭ বজাৰ পৰা দুসপ্তাহলৈ ঘোষণা কৰা হৈছে৷ প্রযোজ্য লকডাউন অন্ত পৰিব ১২ জুলাইৰ নিশা৷ কাইলৈ চৰকাৰে গুৱাহাটীত পুনৰ লকডাউন বৃদ্ধি কৰিলে মুঠ ৪ সপ্তাহ লকডাউনৰ মাজত মহানগৰবাসী আবদ্ধ হৈ থাকিব লাগিব৷ ৰাজ্য চৰকাৰে অন্য জিলাৰ পৌৰসভা আৰু নগৰ সমিতি এলেকাসমূহতো সপ্তাহৰ শনি আৰু দেওবাৰে লকডাউন প্রয়োগ কৰিছিল৷ এই সন্দর্ভতো কাইলৈ চৰকাৰে নতুন ঘোষণা কৰিব পাৰে৷ ইফালে কাইলৈ পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ গুৱাহাটীত গেলামাল, শাক-পাচলি, ফলমূলৰ দোকান খোলা থাকিব৷

 

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
image

ইতিহাস, পৰিহাস আৰু কিবাকিবি

অভিনেত্রী প্রীতি কংকনাক হত্যাৰ ভাবুকি