in ,

গুৱাহাটীলৈ বাৰখন জিলাৰ বাসিন্দাৰ ভ্ৰমণত নিষেধাজ্ঞা

Lockdown Bihar
Representative Image

গুৱাহাটীঃ দিনে দিনে গুৱাহাটীত বৃদ্ধি হোৱা ক’ৰোনাৰ ভয়াৱহতাই কেৱল মহানগৰবাসীকে ত্ৰস্তমান কৰি তোলাই নহয়, বৰঞ্চ পাৰ্শ্বৱৰ্তী জিলাৰ বাসিন্দাসকলকো ভীতিগ্ৰস্ত কৰি তুলিছে৷ এই পৰ্যন্ত  নলবাৰী, বৰপেটা, দৰং, কোকৰাঝাৰ, দক্ষিণ শালমাৰা, নগাঁও, মৰিগাঁও, শোণিতপুৰ, বিশ্বনাথ, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাকে ধৰি ১২খন জিলাই গুৱাহাটীলৈ লোকসকলৰ যাতায়াতত নিষেধাজ্ঞা জাৰি কৰিছে৷

উল্লেখযোগ্য যে গুৱাহাটীত মহামাৰীৰ ৰূপ ধাৰণা কৰা কৰ’নাৰ সংক্রমণৰ পাছত লকডাউন ঘোষণা কৰাত বহু লোক ৰাজ্যৰ বিভিন্ন জিলাত নিজ নিজ ঘৰলৈ ঢাপলি মেলিছিল৷ তাৰ পাছতে ৰাজ্যৰ জিলাই জিলাই গুৱাহাটীৰপৰা যোৱা লোকে সংক্রমণ বৃদ্ধি কৰাত এতিয়া এই নিষেধাজ্ঞা জাৰি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷

আনকি এই জিলাকেইখনৰ চৰকাৰী চাকৰিয়ালৰ ক্ষেত্রতো গুৱাহাটীলৈ অহা-যোৱাত বাধা নিষেধ আৰোপ কৰা হৈছে৷ একাধিক জিলাই এই নিষেধাজ্ঞা অমান্য কৰা লোকক দুযোর্গ ব্যৱস্থাপনা আইনৰ অধীনত ব্যৱস্থা গ্রহণ কৰাৰ কথাও ঘোষণা কৰিছে৷ আনহাতে শোণিতপুৰ, শিৱসাগৰ আৰু ডিব্রুগড় জিলাই এই নিষেধাজ্ঞাৰ সৈতে গুৱাহাটীৰ লোক জৰুৰী কামত গ’লে কোৱাৰেণ্টাইন কৰাৰ পদক্ষেপ গ্রহণ কৰিছে৷

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
COVID

Anti-CAA Activists Test COVID-19 Positive

Teacher Raped And Attacked With Acid In Udalguri