in ,

গুৱাহাটীত বিপদঘণ্টাঃ বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

flood

গুৱাহাটীঃ বিগত তিনি-চাৰিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰী ব্ৰহ্মপুত্ৰৰ পানীয়ে বুৰাই পেলোৱাৰ সম্ভাৱনাই দেখা দিছে৷ জলসম্পদ বিভাগৰ তথ্য অনুসৰি প্ৰতি ঘণ্টাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ১ ছেণ্টিমিটাৰকৈ বৃদ্ধি পাবলৈ ধৰিছে৷

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক চাৰি-পাঁচ দিনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে৷

গুৱাহাটী মহানগৰীৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হ’লে মহানগৰীখনৰ বিভিন্ন অঞ্চল প্লাবিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷

এই সন্দৰ্ভত কামৰূপ জিলা প্ৰশাসনে মহানগৰৰ ব্ৰহ্মপুত্ৰৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহত সতৰ্কতা জাৰি কৰিছে

 

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট 

Tags

What do you think?

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Assam Flood Centre Announces Rs. 346 Crore To Tackle The Flood Situation

Narendra Modi Delivers Keynote Address At India Ideas Summit ‘Building A Better Future’