in ,

অৱশেষত শ্মশানৰ নাম পৰিৱৰ্তন

bani kanta kakati

গুৱাহাটীঃ ছ’চিয়েল মিডিয়ত হোৱা অত্যাধিক বিতৰ্কৰ ফলত অৱশেষত গুৱাহাটীৰ উলুবাৰীৰ ৰামকৃষ্ণ মিছন পথত থকা ড০ বাণীকান্ত কাকতি বৈদ্যুতিক শ্মশানখনৰ নামৰ পৰা পণ্ডিতগৰাকীৰ নাম আঁতৰাবলৈ বাধ্য হয় চৰকাৰ৷

এই তথ্য সদৰী কৰে মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে৷ চৰকাৰৰ হস্তক্ষেপৰ ফলত মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে শ্মশানখনৰ নামৰ পৰা ড০ বাণীকান্ত কাকতিৰ নাম আঁতৰোৱা হয়৷

ইফালে নামটোক লৈ স্পষ্টীকৰণ দিছে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷ তেওঁ কয় যে ড০ বাণীকান্ত কাকতিৰ পুত্র প্রাক্তন আই জি পি দেৱকান্ত কাকতিয়ে ১৯৯৯ চনতে শ্মশানৰ নাম বাণীকান্ত কাকতিৰ নামত নামকৰণ কৰাৰ দাবী তুলিছিল আৰু নির্মাণ কমিটীটোত তেওঁলোকৰ পৰিয়াল জড়িত থকাৰ কথা সদৰী কৰে৷

 

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

PM Lays Stress On Skill India Opportunities

Dhemaji Poba Reserve Forest Will Be Upgraded To Sanctuary