in ,

শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ দেহত ক’ভিড-১৯ৰ বীজাণু

balin chetia

গুৱাহাটীঃ তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম গেছ কোম্পানীৰ অধ্যক্ষ বলিন চেতিয়া আক্ৰান্ত হৈছে ক’ৰোনাত। ছৱাব টেষ্টত পজিটিভ অহাৰ পিছতে বিধায়ক বলিন চেতিয়াক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।

অৱশ্যে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ পৰা চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত এ এম চি এইছলৈ লৈ যোৱা হ’ব বুলি জানিব পৰা গৈছে। বিধায়ক বলিন চেতিয়াই শদিয়া সমষ্টিৰ লগতে জিলা খনৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰিছিল আৰু বহু লোকৰ সংস্পৰ্শলৈ আহিছিল। বানাক্ৰান্ত, কৃতী শিক্ষাৰ্থীৰ ওচৰলৈ গৈ সাহায্যও বিতৰণ কৰিছিল।
বলিন চেতিয়াৰ সংস্পৰ্শলৈ অহা লোক সকলক চিনাক্ত কৰি স্বাস্থ্য বিভাগে ছৱাব সংগ্ৰহ আৰম্ভ কৰা বুলিও জানিব পৰা গৈছে। উল্লেখযোগ্য যে, বিধায়ক গৰাকীৰ সৈতে লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ লগতে বহু কেইগৰাকী বিজেপি নেতা কৰ্মীৰ সঘন যোগাযোগ আছিল। বিধায়ক বলিন চেতিয়া ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ পোৱাৰ পিছতে বহু লোক আতংকিত হৈ পৰিছে।
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট
Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Six NSCN (IM) Cadres Shot Dead By Security Forces In Arunachal Pradesh

An Electric Cremation Machine To Be Soon Operational At Bhootnath