in ,

বাঘজান তৈল কূপৰ জুই সন্দৰ্ভত ভুৱা বাতৰি

baghjan
File Photo (Agencies)

গুৱাহাটীঃ  দ্য আছাম ট্ৰিবিউন ৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত এটা বাতৰিত ১৪ জুলাই, ২০২০ ত অইল ইণ্ডিয়া লিমিটেডৰ সংকট ব্যৱস্থাপনা গোট (Crisis Management Team)ৰ দ্বাৰা বাঘজানৰ তৈল কূপৰ জুই নিয়ন্ত্ৰণাধীন হৈছে বুলি উল্লেখ কৰা হৈছে।বাতৰিটোত কোৱা হৈছে যে অৱশেষত মঙলবাৰে বিয়লি বাঘজানৰ ৫ নং তৈল কূপৰ মূৰত জ্বলি থকা জুইকুঁৰা নিৰ্বাপণ কৰা যায়।ইয়াত তদুপৰি কোনো ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ অবিহনেই জুইকুঁৰা সাম কটোৱা হয় বুলি অইলৰ শীৰ্ষ বিষয়াবৰ্গই জনাইছে বুলি উল্লেখ কৰা হয়। অইলৰ বিষয়াবৰ্গৰ উদ্ধৃতিৰে বাতৰিটোত এইবুলি উল্লেখ যে জুইকুঁৰাৰ সংলগ্ন স্থানৰপৰা প্ৰতি মিনিটত ২৫০০ গেলন পানী পাঁচটা উচ্চ চাপৰ পানী নিৰ্গমকৰ জৰিয়তে ছটিওৱাৰ ফলতেই ইয়াৰ নিৰ্বাপণ হয়। জুইকুঁৰা নিৰ্বাপণ কৰিবলৈ ডাঙৰী নৈৰ পানী ব্যৱহাৰ কৰা হৈছিল।

এই বাতৰিটো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি,অইল ইণ্ডিয়া লিমিটেডে এটা টুইটৰ জৰিয়তে স্পষ্ট কৰি দিয়ে যে বাঘজানৰ কূপৰ আকস্মিক নিৰ্গমন বন্ধ হোৱা সন্দৰ্ভত দৰাচলতে ই এটা অসত্য তথ্য প্ৰচাৰ কৰিছে।কূপটোৰ জুইকুঁৰা বন্ধ আৰু শাম কটাবলৈ মূল অভিযান অদ্যপি আৰম্ভই কৰা হোৱা নাই। কূপটোৰপৰা নিৰৱচ্ছিন্নভাৱে জুই নিৰ্গত হৈ আছে। বৰ্তমানে, কূপটোৰ আশে-পাশে থকা ধ্বংসাৱশেষসমূহ আঁতৰ কৰা হৈছে আৰু কূপটোৰ জুইকুৰা বন্ধ কৰিবলৈ অভিযানৰ প্ৰস্তুতি চলোৱা হৈছে।

অইল ইণ্ডিয়া লিমিটেডৰ সূত্ৰ অনুসৰি, এইটো কথা উল্লেখ কৰিব লাগিব যে যোৱা কিছুদিনৰেপৰা কূপটোৰপৰা নিৰ্গত হৈ থকা জুইকুৰা বন্ধ কৰিবলৈ সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।ইতিমধ্যে, ধ্বংসাৱশেষসমূহ অপসাৰণ কৰ্মৰ সফল অগ্ৰগতি লাভ কৰা গৈছে। কেৰিয়াৰসমূহ আৰু পাইপৰ গৰিষ্ঠসংখ্যক অংশই আঁতৰ কৰা হয়। ইয়াকে ধৰি, সকলো মূল ধ্বংসাৱশেষ অপসাৰণ কৰাৰ বিপৰীতে ৰিগৰ উপাংশ আৰু ভাণ্ডাটোৰ আশে-পাশে থকা অঞ্চলত থকা অলপ ড্ৰিল পাইপ আৰু কিছুমান সা-সঁজুলি আঁতৰ কৰিবলৈ বাকী আছে। কূপটোৰ জুইকুৰা বন্ধ আৰু শাম কটাবলৈ মূল অভিযানত ব্যৱহাৰ হ’বলগীয়া সা-সামগ্ৰীৰ স্থানান্তৰ প্ৰক্ৰিয়া পূৰ্ণ গতিত আগবাঢ়িছে। প্ৰয়োজনীয়তা/ক্ষেত্ৰৰ পৰিস্থিতি সাপেক্ষে আন সা-সঁজুলি আৰু উপাদানৰ স্থানান্তৰ কৰা হ’ব।

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Fake News On Baghjan Fire Being Doused Off Circulated By A Media House, PIB Clarifies

Assam COVID cases rise to 18000; 48 Hours Witnessed 10 Deaths