in ,

অভিনেত্রী প্রীতি কংকনাক হত্যাৰ ভাবুকি

গুৱাহাটীঃ ৰেঙনি চেনেলত সম্প্রচাৰিত ধাৰাবাহিক ‘বেগমজান’ক লৈ ৰাজ্যজুৰি তুমুল বিতর্ক অব্যাহত থকাৰ সময়তে এইবাৰ জনপ্রিয় অভিনেত্রী প্রীতি কংকনাই হত্যাৰ ভাবুকি পাইছে৷ অভিনেত্রীগৰাকীক বলাৎকাৰ কৰি গাত এচিড ঢালি হত্যা কৰাৰ ভাবুকি দিছে দুজন ব্যক্তিয়ে৷

ইতিমধ্যে ঘটনা সন্দর্ভত অভিনেত্রী প্রীতি কংকনা আৰু তেওঁৰ স্বামী তথা জনপ্রিয় গায়ক সীমান্ত শেখৰে ব্যক্তি দুজনৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ উল্লেখযোগ্য যে এজাহাৰত উল্লেখ থকা অনুসৰি অভিনেত্রীগৰাকীক তেজপুৰৰ বিক্রম নাথ নামৰ ব্যক্তিজনে ৮৮২২৬-৬৪৪৫৫ নম্বৰৰ পৰা ফোনযোগে বলাৎকাৰ কৰি এচিড ঢালি হত্যা কৰাৰ ভাবুকি দিছে৷

আনহাতে, নলবাৰীৰ ঘগ্রাপাৰৰ কিশোৰ দাস নামৰ ব্যক্তিজনে ফে’চবুকত অভিনেত্রী কংকনাক বলাৎকাৰ কৰি হত্যা কৰাৰ ভাবুকি দিছে৷ কিশোৰ দাসৰ ফোন নম্বৰ হৈছে ৭০০২১-০২৭১৩৷ সেয়ে নিজৰ সুৰক্ষাৰ কথা চিন্তা কৰি অভিনেত্রী প্রীতি কংকনাই ঘটনা সন্দর্ভত দুয়োজন ব্যক্তিৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে৷

লগতে মহিলা আয়োগকো ব্যৱস্থা গ্রহণ কৰিবলৈ তেওঁলোকে অনুৰোধ জনাইছে৷ উল্লেখযোগ্য যে ঘটনা সন্দর্ভত অভিনেত্রীগৰাকীয়ে মুখ্যমন্ত্রীকো অৱগত কৰিছে৷ প্রণিধানযোগ্য যে ৰেঙনি চেনেলত সম্প্রচাৰিত হোৱা ‘বেগমজান’ ধাৰাবাহিকখনত প্রীতি কংকনাই অভিনয় কৰিছে৷

 

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
strict

গুৱাহাটীত পুনৰ বৃদ্ধি পাব লকডাউন

PM Modi Dedicates Asia’s Largest Solar Power Project to The Nation