in

তিনিচুকীয়াৰ বাঘজান তৈলক্ষেত্ৰত ভয়ংকৰ অগ্নিকাণ্ড

baghjan

স্থানীয় সংবাদ ০৯.০৬.২০২০
তৈলক্ষেত্ৰ খনৰ পাঁচ নং খাদত ২৬ মে’ৰ পৰা পাইপ ফুটি গেছ নিৰ্গত হৈ আছিল৷ সোমবাৰে ছিংগাপুৰৰ পৰা বিশেষজ্ঞৰ তিনিজনীয়া এটা দলে বাঘজানত উপস্থিত হৈ অগ্নি নিয়ন্ত্ৰণৰ চেষ্টা চলাই থকাৰ মূহূৰ্ততে মংগলবাৰে ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে৷ উল্লেখযোগ্য সোমবাৰে বাঘজানত উপস্থিত হৈছিল ছিংগাপুৰৰ তিনিজনীয়া বিশেষজ্ঞৰ দলটো। সোমবাৰে বিস্ফোৰিত তৈলখাদটোৰ পৰিস্থিতিৰ বুজ লৈছিল দলটোৱে। আজি পৰীক্ষা–নিৰীক্ষা চলাই থকাৰ সময়তে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বাঘজানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অইলৰ অগ্নি নিৰ্বাপক বাহিনীৰে জুই নুমোৱাৰ চেষ্টা কৰি থকা হৈছে৷

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Legendary Assamese Music mystro Indreswar Sarma passes away

Blast occur at Baghjan oil field during oil blowout