in

ঘোষণা কৰা হ’ল ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলঃ মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল চোৱাৰ অনলাইন পৰ্যায়সমূহ

অসম শিক্ষা ব’ৰ্ডে ঘোষণা কৰিলে ২০২০ বৰ্ষৰ মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল৷ শনিবাৰ ০৬.০৬.২০২০ তাৰিখে চৰকাৰী ৱেবছাইটত results.sebaonline.org ত পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা হ’ল৷
যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকে এই চৰকাৰী ৱেবছাইটটোত নিম্নোক্ত পৰ্যায়সমূহৰ দ্বাৰা ফলাফল পৰীক্ষা কৰিব পাৰে৷
পৰ্যায় ১- results.sebaonline.org ৱেৱছাইট পৰিদৰ্শন কৰক৷
পৰ্যায় ২- অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অথবা অসম হাই মাদ্ৰাছাৰ লিংকত ক্লিক কৰক৷
পৰ্যায় ৩- আপোনাৰ ৰোল নম্বৰ আৰু অন্যান্য বিৱৰণৰ ব্যৱহাৰ কৰি লগ ইন কৰক৷
পৰ্যায় ৪- মাৰ্কশ্বীট ডাউনলোড কৰক৷
যদি ৱেৱছাইটটোৱে কোনো প্ৰতিক্ৰিয়া প্ৰদৰ্শিত কৰা নাই, তেনেহ’লে এই ফলাফল এছএমএছ অথবা ছেবা ৰিজাল্ট ২০২০ এপৰ জৰিয়তেও লাভ কৰিব পাৰিব৷

উল্লেখ্য, চলিত বৰ্ষত ৩.৫৮ লাখ শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে৷ বিগত বৰ্ষত এই পৰীক্ষাৰ ফলাফল মে’ মাহত প্ৰকাশিত হৈছিল যদিও এইবাৰ ক’ৰোনা ভাইৰাছৰ বাবে বলৱৎ হোৱা লকডাউনৰ ফলত ফলাফল জুন মাহত প্ৰকাশ কৰিবলগীয়া হ’ল৷

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
lockdown

ক’ৰোনা ভাইৰাছত আক্ৰান্ত ভাৰতঃ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতো কিয় ভাৰতত স্বাভাৱিক হৈছে দৈনন্দিন জীৱনশৈলী

Result

২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ ১০ স্থান দখল কৰাসকল