in

কার্বি আংলঙত প্রথমজন কভিড-১৯ ৰোগীৰ মৃত্যু

Karbi Anglong

স্থানীয় সংবাদ ০৯.০৬.২০২০- পাহাৰীয়া জিলা কার্বি আংলঙত শেহতীয়াকৈ ক’ৰোনাত আক্রান্ত হোৱা লোকৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাবলৈ লোৱাৰ সময়তে কালি বকলীয়াঘাটত মৃত্যু হোৱা এজন লোকৰ দেহত কৰ’নাৰ উপস্থিতি নিশ্চিত হোৱাৰ লগে লগে জিলাখনত ক’ৰোনাক কেন্দ্র কৰি আতংকৰ পৰিৱেশ বৃদ্ধি পাইছে৷

প্রাপ্ত তথ্য অনুসৰি, বকলীয়াঘাট চূণপোৰা গাঁও নিৱাসী অৰুণ কাকতী (৫৪) নামৰ লোকজন যোৱা ২৩ মে’ত চেন্নাইৰ পৰা আহি ২৬ মে’ত ডিফুত উপস্থিত হোৱাৰ পাছত ২৭ মে’ৰ পৰা বকলীয়াঘাটস্থিত ৰূকাছেন মহাবিদ্যালয়ৰ সমীপৰ কোৱাৰেণ্টাইন কেন্দ্রত আছিল৷
জানিব পৰা মতে, অৰুণ কাকতী কোৱাৰেণ্টাইন কেন্দ্রত থকা অৱস্থাতে শাৰীৰিকভাৱে অসুস্থ হৈ পৰাৰ লগতে তেওঁৰ দেহত কৰ’নাৰ লক্ষণ দেখিবলৈ পোৱা গৈছিল৷ ইয়াৰ মাজতে যোৱা ৩১ মে’ত অৰুণ কাকতীৰ নমুনা সংগ্রহ কৰি পৰীক্ষাৰ বাবে যোৰহাটলৈ প্রেৰণ কৰা হৈছিল৷

কাকতীৰ প্রথমটো নমুনা নিগেটিভ হোৱাৰ পৰিপ্রেক্ষিতত যোৱা ৩ জুনত তেওঁক ৰূকাছেন মহাবিদ্যালয়ৰ সমীপৰ কোৱাৰেণ্টাইন কেন্দ্রৰ পৰা চূণপোৰা গাঁওস্থিত নিজা ঘৰলৈ হ’ম কোৱাৰেণ্টাইনলৈ প্রেৰণ কৰা হয়৷ বিগত চাৰিদিন হ’ম কোৱাৰেণ্টাইনত থকা অৱস্থাত কাকতী অসুস্থ হৈ থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে৷

ইয়াৰ মাজতে কালি পুৱাৰ পৰা কাকতীৰ স্বাস্থ্যৰ আকস্মিকভাৱে অৱনতি ঘটিবলৈ ধৰে৷ শৌচ, বমি, বুকুৰ বিষ আদিত ভুগি অতি গুৰুতৰভাৱে অসুস্থ হৈ পৰা কাকতীক কালি দুপৰীয়াৰ ভাগত চৰকাৰী এম্বুলেঞ্চেৰে ডিফু চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আদবাটতে তেওঁৰ মৃত্যু হয়৷

লোকজনৰ মৃত্যুৰ ঘটনাই স্থানীয় লোকসকলৰ মাজত আতংক বৃদ্ধি কৰাৰ লগতে মৃতদেহৰ কভিড-১৯ পৰীক্ষা কৰাৰ দাবী জনোৱাৰ সময়তে আজি পোৱা নুমনা পৰীক্ষাৰ ফল অনুসৰি কালি মৃত্যু হোৱা অৰুণ কাকতীৰ কভিড-১৯ত আক্রান্ত হৈ মৃত্যু হোৱাটো নিশ্চিত হয়৷

কার্বি আংলং জিলাৰ উপায়ুক্তই আজি সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, ক’ৰোনাত মৃত্যু হোৱা কাকতীক ক’ৰোনা ৰোগীৰ ক্ষেত্রত পালন কৰিবলগীয়া চৰকাৰী নীতি-নিয়মৰ মাজেৰে মৃতদেহৰ শেষকৃত্য সম্পন্ন কৰোৱা হ’ব৷ সম্প্রতি ডিফু অসামৰিক চিকিৎসালয়ত ৰখা হৈছে কাকতীৰ মৃতদেহ৷

উপায়ুক্তই লগতে সদৰী কৰা অনুসৰি, ডিফু-লামডিং পথৰ আঠকিলোত প্রশাসনে ক’ৰোনা ৰোগীৰ সংস্কাৰৰ বাবে প্রস্তুত কৰি উলিওৱা এক স্থানত কাকতীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব৷ উল্লেখযোগ্য যে অৰুণ কাকতী কভিড-১৯ত আক্রান্ত হৈ মৃত্যুমুখত পৰা কার্বি আংলং জিলাৰ প্রথমগৰাকী ব্যক্তি৷

আনহাতে, অৰুণ কাকতীৰ মৃত্যুৰ লগে লগে ৰাজ্যখনত ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পাইছে৷ আনহাতে, আজিৰ দিনটোত কার্বি আংলং জিলাত কোনো লোক ক’ৰোনাত আক্রান্ত হোৱাৰ বাতৰি পোৱা নাই৷ নিহত লোকজনৰ ঘৰৰ চৌপাশৰ এলেকা ইতিমধ্যে নিয়ন্ত্ৰিত এলেকা হিচাপে ঘোষণা কৰা হৈছে৷

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
HSLC

Assam govt. to shut down schools with zero pass percentage in HSLC

hotel

আঢ়ৈ মাহৰ পাছত খোল খালে উপাসনাস্থলী,হোটেল-ৰেস্তোৰাঁ