in

ঋতুপৰ্ণ পেগুৰ হত্যাৰ কাৰণ এখন চকী আছিল নে অন্য কিবা কাৰণ?

Murder

গুৱাহাটীঃ বৰ্বৰ এটা হত্যাকাণ্ড।শুকুৰবাৰে গুৱাহাটীৰ নুনমাটি সংঘটিত হোৱা হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।এখন চকীত বহাক লৈ নিহত ঋতুপৰ্ণ পেগুৰ আৰু হুছেইন আলীৰ মাজত প্ৰথম অৱস্থাত হৈছিল তৰ্কাতৰ্কি।ঘটনাটো সংঘটিত হৈছিল নুনমাটিৰ আৰমাণ্ড হোম ফাৰ্নিছিঙ নামৰ বিপণীখনত। বিপণীখনত থকা এখন চকীত বহাকলৈ হৈছিল ঋতুপৰ্ণ পেগু আৰু হুছেইন আলীৰ মাজত কাজিয়াৰ সূত্ৰপাত। লাহে লাহে বাঢ়ি গৈছিল কাজিয়া।প্ৰথম অৱস্থাত দুয়োকে আঁতৰ কৰাই দিছিল বিপণী খনৰ আন আন কৰ্মচাৰী সকলে।কিন্তু কিছু সময় পাৰ হোৱাৰ পিছতেই পুনৰ হতাহতি হৈছিল আৰু হুছেইন আলীয়ে এখন চুৰীৰে আক্ৰমণ কৰিবলৈ ধৰিলে ঋতুপৰ্ণ পেগুক।
লগে লগেই ঢলি পৰিছিল ঋতুপৰ্ণ।

#আৰক্ষীৰ আগত কি কৈছিল চুৰিকাঘাত সংঘটিত কৰা হুছেইন আলীয়ে?

মহানগৰ আৰক্ষীৰ যুটীয়া অধীক্ষক দেৱৰাজ উপাধ্যায়ে জনোৱা তথ্য অনুসৰি পূৰ্বতে আৰমান হোম ফাৰ্নিছিঙতে ড্ৰাইভাৰ হিচাপে কৰ্মৰত আছিল ঋতুপৰ্ণ।কিছদিনপৰাই মূল অভিযুক্ত হুছেইন আলীক জোকাই আছিল বুলিও আৰক্ষীৰ সোধাপোছাত কৈছে।

আৰক্ষীয়ে ইতিমধ্যেই ঘটনাৰ লগত জড়িত থকা ৬ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰি অনুসন্ধান চলাই আছে
৬ অভিযুক্ত হৈছে হুছেইন আলী, দুলাল আলী, ইব্ৰাহিম আলী আৰু মনোৱাৰা বেগমক গ্ৰেপ্তাৰ কৰাৰ লগতে হত্যাকাণ্ড সংঘটিত হোৱা দোকানখনৰ স্বত্বাধিকাৰী আৰমান আলীক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে ইতিমধ্যে নুনমাটি আৰক্ষীয়ে ২৯৪/২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১৪৭/১৪৮/১৪৯/৩০২ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Private Buses to provide services from June 15

Udalguri Quarantine Centre Burned