in

আঢ়ৈ মাহৰ পাছত খোল খালে উপাসনাস্থলী,হোটেল-ৰেস্তোৰাঁ

hotel

স্থানীয় সংবাদ ০৯.০৬.২০২০- প্রায় আঢ়ৈ মাহৰ পাছত আজিৰ পৰা পুনৰ ৰাজ্যৰ উপাসনাস্থলী আৰু হোটেল-ৰেস্তোৰাঁসমূহ সাধাৰণ জনতাৰ বাবে মুকলি কৰা হৈছে৷ অৱশ্যে চৰকাৰে এই অনুষ্ঠানসমূহত জনসাধাৰণৰ সমাগমৰ প্রতি লক্ষ্য ৰাখি বহুকেইটা নীতি-নিয়ম বান্ধি দিছে৷ আজিৰ পৰা ৰাজ্যৰ মঠ-মন্দিৰসমূহ খোলা হৈছে যদিও জনসাধাৰণৰ সমাগম অতি নগণ্য দেখা যায়৷

উল্লেখযোগ্য যে প্রায় আঢ়ৈ মাহৰ পাছত আজি ৰাজ্যৰ উপাসনাস্থলীসমূহ পুনৰ খোলা হয় ক’ৰোনা মহামাৰীৰ প্রতি লক্ষ্য ৰাখি দেশজুৰি আৰম্ভ হোৱা লকডাউনৰ প্রায় আগে আগে অন্য স্থানৰ লগতে অসমৰো জনসমাগম হোৱা স্থানসমূহ সাধাৰণ জনতাৰ বাবে বন্ধ কৰি দিয়া হৈছিল৷ ইয়াৰ বাবে ৰাজ্যৰ সকলো ধর্মৰ উপাসনাস্থলীসমূহো বন্ধ হৈ পৰিছিল৷ আজি ৰাজ্যৰ অন্য উপাসনাস্থলীৰ লগতে গুৱাহাটীৰো প্রায় সকলো প্রসিদ্ধ উপাসনাস্থলী সাধাৰণ জনতাৰ বাবে মুকলি কৰি দিয়া হয়৷

কিন্তু দেশ-বিদেশত অসমৰ অন্যতম পর্যটন স্থলী হিচাপে পৰিচিত মা কামাখ্যা মন্দিৰ আজিৰ পৰা খোলা হোৱা নাই৷ মন্দিৰটোৰ দেৱালয় পৰিচালনা সমিতিয়ে অহা ৩০ জুন পর্যন্ত মন্দিৰটো সাধাৰণ জনতাৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা বুলি ইতিমধ্যে প্রকাশ কৰিছে৷ অৱশ্যে মহানগৰীৰ প্রসিদ্ধ উমানন্দ মন্দিৰ, উগ্রতাৰা মন্দিৰ, বশিষ্ঠ মন্দিৰ, বালাজী মন্দিৰ, শুক্রেশ্বৰ মন্দিৰ আদিৰ উপৰি উত্তৰ গুৱাহাটীৰ প্রসিদ্ধ দৌল গোবিন্দ মন্দিৰ আদি আজিৰ পৰা সাধাৰণ জনতাৰ বাবে খোলা হয়৷

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
Karbi Anglong

কার্বি আংলঙত প্রথমজন কভিড-১৯ ৰোগীৰ মৃত্যু

ICMR

Assam’s Covid-19 testing capacity is privilege by ICMR