in

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মুকলি কৰিলে আনলক ২ৰ নতুন নিৰ্দেশনাৱলী

amit

নেচনেল ডেস্কঃ আনলক ১ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আনলক ২ৰ নতুন নিৰ্দেশনাৱলী মুকলি কৰিছে৷ এই নতুন নিৰ্দেশনাৱলীসমূহ এনে ধৰণৰঃ

পুনৰ মুকলিৰ পৰ্যায়ৰ নিৰ্দেশনাসমূহ (আনলক ২)
(গৃহ মন্ত্ৰালয়ৰ আদেশ নং ৪০-৩/২০২০-ডিএম-আই (এ) তাৰিখ ২৯ জুন ২০২০ অনুসৰি)
১. নিয়ন্ত্ৰিত এলেকাৰ বাহিৰত আনলক ২ৰ সময়ছোৱাৰ বাবে অনুমোদিত কাৰ্যকলাপসমূহ
নিয়ন্ত্ৰিত এলেকাৰ বাহিৰত নিম্নোক্ত সমূহৰ বাহিৰে আন সকলোবোৰ কাৰ্যকলাপৰ বাবে অনুমোদন প্ৰদান কৰা হৈছেঃ
(১) ৩১ জুলাই ২০২০ তাৰিখলৈ বিদ্যালয়, মহাবিদ্যালয়, শৈক্ষিক প্ৰতিষ্ঠান আৰু কোচিং প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব৷ অনলাইন/দূৰ শিক্ষাসমূহ অব্যাহত থাকিব আৰু ইয়াক প্ৰণোদিত কৰা হ’ব৷
১৫ জুলাই ২০২০ তাৰিখৰ পৰা কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ কাৰ্যকলাপ আৰম্ভ কৰা হ’ব আৰু ইয়াৰ পৰা কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে মানসম্পন্ন কাৰ্যকৰী প্ৰক্ৰিয়া (এছঅ’পি) জাৰি কৰিব৷
(২) গৃহ মন্ত্ৰালয়ে অনুমতি প্ৰদান কৰাৰ বাহিৰে আনবোৰ আন্তৰ্জাতিক বিমান পৰিবহণৰ যাত্ৰী৷
(৩) মেট্ৰ’ ৰে’ল
(৪) চিনেমা হ’ল, জিমনেছিয়াম, ছুইমিং পুল, মনোৰঞ্জন উদ্যান, থিয়েটাৰ, বাৰ, প্ৰেক্ষাগৃহ, সন্মিলন কক্ষ আৰু তেনে ধৰণৰ স্থানসমূহ৷
(৫) সামাজিক/ৰাজনৈতিক/ক্ৰীড়া/মনোৰঞ্জন/শৈক্ষিক/সাংস্কৃতিক/ধৰ্মীয় অনুষ্ঠান আৰু অন্য বৃহৎ সমাৱেশ৷
উপৰোক্ত কাৰ্যকলাপসমূহৰ পুনৰাম্ভ সন্দৰ্ভত পৃথকে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব আৰু ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ তথা সামাজিক ব্যৱধান বৰ্তাই ৰাখিবলৈ আৱশ্যকীয় এছঅ’পি জাৰি কৰা হ’ব৷
সীমিত সংখ্যক ঘৰুৱা বিমান আৰু যাত্ৰীবাহী ৰে’লৰ বাবে ইতিমধ্যেই অনুমতি প্ৰদান কৰা হৈছে৷ এই সমূহৰ কাৰ্যকলাপসমূহ পৰৱৰ্তী পৰ্যায়ত পৰ্যায়ক্ৰমে সম্প্ৰসাৰিত কৰা হ’ব৷
২. নৈশ কাৰ্ফিউ
সমগ্ৰ দেশতে নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ ব্যক্তিবিশেষৰ চলাচলত কঠোৰভাৱে নিষেধাজ্ঞা প্ৰদান কৰা হৈছে৷ ইয়াত অত্যাৱশ্যকীয় কাৰ্যকলাপ, মাল্টিপল শ্বিফ্টৰ ঔদ্যোগিক ইউনিটৰ কাৰ্যকলাপ, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত ব্যক্তি আৰু সামগ্ৰীৰ পৰিবহণ, কাৰ্গ’ৰ লোডিং আৰু আনলোডিং, বাছ, ৰে’ল আৰু বিমানৰ পৰা নমাৰ পিছত নিজৰ লক্ষ্যস্থানলৈ যাত্ৰীসকলৰ পৰিবহণ আদিক ৰেহাই দিয়া হ’ব৷ স্থানীয় প্ৰাধিকৰণে উপযুক্ত আইন যেনে চিআৰপিচিৰ ধাৰা ১৪৪ আদিৰ অধীনত কঠোৰ অনুপালন প্ৰৱৰ্তনৰ বাবে তেওঁলোকৰ ন্যায়ক্ষেত্ৰৰ সমগ্ৰ এলেকাতে আদেশ জাৰি কৰিব৷
৩. ক’ভিড-১৯ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় নিৰ্দেশনাৱলী
পৰিশিষ্ট ১ত উল্লেখ কৰা অনুসৰি ক’ভিড-১৯ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় নিৰ্দেশনাৱলী সমগ্ৰ দেশতে পালন কৰা হ’ব৷
৪. নিয়ন্ত্ৰিত এলেকাসমূহত লকডাউনৰ সীমাৱদ্ধতা
(ক) নিয়ন্ত্ৰিত এলেকাসমূহত ৩১ জুলাই ২০২০ তাৰিখলৈ লকডাউন বলৱৎ থাকিব৷
(খ) স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিৰ্দেশনাৱলী বিবেচনা কৰি তথা সংক্ৰমণৰ শিকলি কাৰ্যকৰীভাৱে ভংগ হোৱাৰ উদ্দেশ্যৰ সৈতে জিলা প্ৰাধিকৰণে নিয়ন্ত্ৰিত এলেকাসমূহৰ সীমা নিৰ্ধাৰণ কৰিব৷ এই নিয়ন্ত্ৰিত এলেকাসমূহৰ বিষয়ে সংশ্লিষ্ট জিলা উপায়ুক্ত আৰু ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক অৱগত কৰি ৱেবছাইটত প্ৰকাশ কৰিব৷
(গ) নিয়ন্ত্ৰিত এলেকাসমূহত কেৱল অত্যাৱশ্যকীয় কাৰ্যকলাপসমূহকহে অনুমতি প্ৰদান কৰা হ’ব৷ সেই এলেকাটোত জৰুৰীকালীন চিকিৎসা সেৱা আৰু অত্যাৱশ্যকীয় সামগ্ৰী তথা সেৱা যোগানৰ বাহিৰে অন্য কোনো ধৰণৰ ব্যক্তিৰ চলাচল নহ’বলৈ কঠোৰ পৰিসীমা নিয়ন্ত্ৰণৰ জৰিয়তে নিশ্চিতি প্ৰদান কৰা হ’ব৷ নিয়ন্ত্ৰিত এলেকাত কণ্টেক্ট ট্ৰেচিং, ঘৰে ঘৰে সৰ্বেক্ষণ আৰু অন্যান্য চিকিৎসাগত কাৰ্যকলাপ প্ৰণয়ন কৰা হ’ব৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি উপৰোক্ত উদ্দেশ্য সাধনৰ বাবে এয়া বলৱৎ কৰা হ’ব৷
(ঘ) নিয়ন্ত্ৰিত এলেকাসমূহৰ গতিবিধিসমূহ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে কঠোৰভাৱে নিৰীক্ষণ কৰিব আৰু এই এলেকাসমূহৰ নিয়ন্ত্ৰণ পৰিমাপ সম্পৰ্কীয় নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰা হ’ব৷
(ঙ) ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে নিয়ন্ত্ৰিত এলেকাৰ বাহিৰত কিছুমান বাফাৰ এলেকাও চিনাক্ত কৰিব পাৰে য’ত নতুন নতুন ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰৱণতা আছে৷ সেই বাফাৰ এলেকাত জিলা প্ৰাধিকৰণে আৱশ্যক অনুসাৰে নিষেধাজ্ঞাসমূহৰ কথা বিবেচনা কৰিব পাৰে৷
৫. ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে পৰিস্থিতি মূল্যায়নৰ ভিত্তিত নিয়ন্ত্ৰিত এলেকাৰ বাহিৰত কিছুমান নিৰ্দিষ্ট কাৰ্যকলাপত নিষেধাজ্ঞা প্ৰণয়ন কৰিব পাৰে অথবা আৱশ্যক অনুসাৰে তেনে নিষেধাজ্ঞাৰ বিষয়ে বিবেচনা কৰিব পাৰে
চুবুৰীয়া দেশসমূহৰ সৈতে সম্পন্ন হোৱা চুক্তিৰ অধীনত সীমান্তৱৰ্তী বাণিজ্যকে ধৰি আন্তঃৰাজ্যিক তথা ৰাজ্যসমূহৰ মাজত ব্যক্তি আৰু সামগ্ৰীৰ পৰিবহণত কোনো বাধা আৰোপ কৰা নহ’ব৷ এনে ধৰণৰ পৰিবহণৰ বাবে কোনো পৃথক অনুমতি/ই-পাৰ্মিটৰ প্ৰয়োজন নহ’ব৷
৬. এছঅ’পিৰ সৈতে ব্যক্তিৰ চলাচল
যাত্ৰীবাহী ৰে’ল আৰু শ্ৰমিক বিশেষ ৰে’লৰ চলাচল; ঘৰুৱা যাত্ৰীবাহী বিমান পৰিবহণ; দেশৰ বাহিৰত আৱদ্ধ ভাৰতীয় নাগৰিক আৰু বিদেশলৈ যোৱাৰ বাবে নিৰ্ধাৰিত ব্যক্তি; বিদেশী নাগৰিকক উদ্ধাৰ; আৰু ভাৰতীয় নাবিকসকলৰ ছাইন-অন তথা ছাইন অফ আদি জাৰি কৰা এছঅ’পি অনুসৰি বাহাল থাকিব৷
৭. অসুৰক্ষিত ব্যক্তিৰ সুৰক্ষা
৬৫ বছৰ বয়সৰ ঊৰ্ধৰ ব্যক্তি, একাধিক গুৰুতৰ ৰোগত আক্ৰান্ত ব্যক্তি, গৰ্ভৱতী মহিলা আৰু ১০ বছৰ বয়সৰ তলৰ শিশু আদিক অত্যাৱশ্যকীয় স্বাস্থ্য সম্বন্ধীয় বিষয়ৰ বাহিৰে ঘৰতে থাকিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে৷
৮. আৰোগ্য সেতুৰ ব্যৱহাৰ
(ক) আৰোগ্য সেতুৱে সংক্ৰমণৰ সম্ভাৱনীয়তাৰ ক্ষতিশংকা আগতীয়াকৈ চিনাক্ত কৰিব পাৰে আৰু সেয়ে ই সমাজ তথা ব্যক্তিবিশেষৰ বাবে ঢাল হিচাপে কাম কৰে৷
(খ) কাৰ্যালয় আৰু কৰ্মক্ষেত্ৰত সুৰক্ষা নিশ্চিত কৰাৰ পৰিপ্ৰেক্ষিতত নিয়োগকৰ্তাসকলে তেওঁলোকৰ কৰ্মচাৰীৰ ম’বাইল ফোনত আৰোগ্য সেতু ইনষ্টল কৰাৰ নিশ্চিতি প্ৰদানৰ বাবে যেন প্ৰয়াস কৰে৷
(গ) জিলা প্ৰাধিকৰণে ব্যক্তিবিশেষক তেওঁলোকৰ ম’বাইলত আৰোগ্য সেতু ইনষ্টল আৰু নিয়মীয়াকৈ এপটোত তেওঁলোকৰ স্বাস্থ্য স্থিতি উন্নীতকৰণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিব পাৰে৷ ইয়াৰ জৰিয়তে ক্ষতিশংকা থকা ব্যক্তিক সময়মতে চিকিৎসা প্ৰদান কৰাত সুবিধা হ’ব৷
৯. নিৰ্দেশনাসমূহৰ কঠোৰভাৱে পালন
(ক) ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত এই নিৰ্দেশনাৱলীসমূহত কোনো প্ৰকাৰে শিথিলতা প্ৰদান নকৰিব৷
(খ) সকলো জিলা দণ্ডাধীশে উপৰোক্ত পদক্ষেপসমূহ কঠোৰ ভাৱে পালন কৰিব৷
১০. শাস্তিৰ ব্যৱস্থা
কোনো ব্যক্তিয়ে উপৰোক্ত পদক্ষেপসমূহ উলংঘা কৰি তেওঁৰ বিৰুদ্ধে দুৰ্যোগ প্ৰশমন আইন, ২০০৫ৰ অধীনত ধাৰা ৫১ৰ পৰা ৬০, আইপিচিৰ ধাৰা ১৮৮ আৰু প্ৰযোজ্য অনুসাৰে অন্যান্য আইনী ব্যৱস্থাৰ দ্বাৰা অভিযোগ দাখিল কৰা হ’ব৷

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Pratiksha Hospital Witnesses COVID Positive Including Doctor And Technician

India’s first human space mission “Gaganyaan” will not be affected by COVID pandemic: Dr.Jitendra Singh