in

নিৰ্দোষী (!) আশাৰাম

asaram

নিউজ ডেস্কঃ আশাৰাম বাপুক মনত আছে নে? হয়, আমি সেইজন ভাৰতীয় সাধুৰ কথাই কৈছো যাক কংগ্ৰেছ চৰকাৰৰ আমোলত কিশোৰী যৌন নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল৷ আশাৰাম বাপুক আজীৱন কাৰাবাসৰ শাস্তি দিয়া হৈছিল৷

কিন্তু আজি সৰ্বত্ৰ আশাৰাম বাপু নিৰ্দোষী বুলি ছ’চিয়েল মিডিয়াত এক ঢৌৰ সৃষ্টি হৈছে৷ এই সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা ৰাম জেঠমালানীয়ে এইদৰে কৈছিল, ‘‘সন্ত আশাৰাম বাপুৰ ওপৰত মিছা অভিযোগ দাখিল কৰা হৈছে৷ কিশোৰীজনীৰ কাহিনী বিশ্বাসযোগ্য নহয়৷’’

আনহাতে প্ৰসিদ্ধ ন্যায়বিদ ড০ সুব্ৰমণিয়ম স্বামীয়ে এইদৰে কয়, ‘‘ধৰ্মান্তৰণ কাৰ্যৰ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত  সন্ত আশাৰাম সকলোতকৈ আগত৷ তেওঁৰ বিৰুদ্ধে দাখিল কৰা অভিযোগ সম্পূৰ্ণই মিছা৷ ’’

বিঃ হিঃ পঃৰ আন্তঃৰাষ্ট্ৰীয় সংৰক্ষক শ্ৰী অশোক সিংহলে এইদৰে কয়, ‘‘সন্ত আশাৰামজী সম্পূৰ্ণ নিৰ্দোষ৷ আগন্তুক সময়ত ধৰ্ষণৰ অভিযোগ দিয়া মহিলাসকলৰ সত্য সন্মুখলৈ আহিব৷’’

এক তথ্য অনুসৰি কিশোৰীগৰাকীৰ শৰীৰত ধৰ্ষণৰ কোনো চিহ্ন পৰিলক্ষিত হোৱা নাই৷ স্বাভাৱিকতেই এই সংবাদে ক্ষুব্ধ কৰি তুলিছে ভাৰতীয় সাধুগৰাকীৰ লক্ষ লক্ষ অনুগামীক৷ তেওঁলোকে সাধুগৰাকীৰ মুক্তি বিচাৰি ছ’চিয়েল মিডিয়াত এক জাগৰণৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছে৷

 

চিত্ৰৰ উৎসঃ  ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

CM Visits Flood Hit Kaziranga National Park, Takes Stock Of Situation

COVID Care Centre

100 COVID Patients Break Out Of COVID Care Centre In Assam And Block NH-31