in

ইতিহাস, পৰিহাস আৰু কিবাকিবি

image

মোৰ দুজনমান ভাল বন্ধু আছিল কলেজীয়া দিনত। স্নাতক পৰীক্ষা শেষ কৰি সকলো স্নাতকোত্তৰ আঁচনিৰ বিষয়ে ব্যস্ত হৈ গৈছিলো। কোন ক’ত কি পঢ়িব ইত্যাদি। মই গুচি গ’লো হায়দৰাবাদ আৰু আন দুজমান ভাল বন্ধু গুচি গৈছিল মুম্বাই। যথাসময়ত পঢ়া শেষ কৰি সকলোৱে নিজৰ কৰ্মজীৱনৰ পাতনি মেলিলো। আজি কিছু বছৰৰ আগৰ কথা, গধূলিৰ আড্ডাত সেই তাহানিৰ মুম্বাইত পঢ়িব যোৱা লগৰ এজন লগ পাইছিলো। ৰঙীণ পানীয়ৰ ৰং দেহত মিলি যোৱাৰ লগে লগে কিছুমান অদ্ভুত যুক্তি তৰ্কৰ আৰম্ভ হল। আড্ডা নহয় যেন বুৰ্জোৱা গোষ্ঠীৰ শোষণৰ বিৰুদ্ধে প্ৰতিবাদ জাগ্ৰত হল ৰঙীণ পানীয়ৰ নিচাত। বুজিবলৈ বাকী নাথাকিল মোৰ বন্ধু পুঁজিবাদীৰ বিৰুদ্ধে সামন্তবাদী শিবিৰত ইতিমধ্যেই প্ৰশিক্ষণ লৈ থৈছে। শিবিৰটো চাগে তেওঁ পঢ়িব যোৱা শিক্ষানুষ্ঠানখনেই আছিল। কিংকৰ্তব্যবিমূঢ় হৈ বাকী থকা পানীয়খিনি গলাধঃকৰণ কৰি শুই পৰিলো। পিছদিনা হেংঅভাৰত গম পালো যে ৰাতিৰ মোৰ সামন্তবাদী বন্ধু যোদ্ধাজনে এটা বহুজাতিক কোম্পানীত ভাল পেকেজ লৈ চাকৰি কৰি আছে। অদ্ভুত হেংঅভাৰ।

আজি কেইমাহমানৰ পৰা দেখিছো চকুৰ আগতে ডাঙৰ হোৱা পেন্দুকনা কেইটামানে অসমৰ বাংলাদেশী প্ৰব্ৰজন আৰু তিৰাশীৰ বিপ্লৱৰ ওপৰত দিনে নিশাই ফেচবুক উজলাই আছে। অলপ আচৰিত হলো, এইটো বয়সত মই কি কৰি আছিলো!

এই দুয়োটা কথাই মোৰ মগজুত সঘনাই কোবাবলৈ আৰম্ভ কৰিলে। তাৰ মাজতে আৰু এটা শ্ৰেণীৰ মানুহ মই আবিষ্কাৰ কৰিলো যি অতীতৰ গৰিমামণ্ডিত মন্দিৰৰ পূজাৰী। আগৰ দিনৰ, আগৰ মানুহৰ, আগৰ গানৰ, আগৰ কবিতাৰ ইত্যাদি ইত্যাদি দৰে হ’ব নোৱাৰে। এই শ্ৰেণীৰ মানুহবোৰক অসমৰে বৃহৎ নদী বান্ধ যেন লাগে। বৈ থকা নৈ এখন যেনেকৈ এটা বান্ধে গতিৰ সমীকৰণ শেষ কৰি দিয়ে ঠিক তেনেকৈ এই সমূহ স্ব-ঘোষিত উচ্চমেধাসম্পন্ন ব্যক্তিত্ব উত্তৰপুৰুষৰ সৃষ্টিত যেন এক প্ৰধান হেঙাৰ। একপক্ষীয় বিতৰ্ক আৰু তুলানাত্মক চিন্তাধাৰাই আৰু নতুনৰ সৃষ্টি কৰিব নোৱাৰে। গণেশ গগৈৰ কবিতা ভাল পোৱাটো ভাল কথা কিন্তু সেই ভালপোৱাই যদি নতুন কবিক ইতিকিঙৰ গিৰ্জনী মাৰে তেন্তে সেই ভালপোৱাত আছে স্বাৰ্থ। এই শ্ৰেণীৰ অসমীয়া মানুহ গংগাটোপৰ শাৰীত পৰে। মাছমৰীয়া ৰাইজৰ বাবে তাৰ কোনো প্ৰয়োজন নাই। গঙাটোপহেন অভিভাৱকত্বই জন্ম দিয়ে ফেচবুকত টেঁটু ফালি ফুৰা পেন্দুকনাজাতীয় সত্বা বোৰ। অসমত এটা স্বাৰ্থজনিত জাতীয়সত্বা আছে যিটো তিৰাশীয়ে আমাক শিকাই গল। ব্যক্তিগত আকাংক্ষাবোৰ শূন্য কৰি সমাজৰ কাৰণে ভাবিব পৰা উত্তৰ পুৰুষ লাগে আমাক।

আকৌ ঘূৰি আহিলোঁ মোৰ কাহিনীৰ মুম্বাইত পঢ়ি অহা বন্ধুজনলৈ। বিখ্যাত গ্ৰীক চৰিত্ৰ প্ৰমিথিউছৰ আলম লৈ মাৰ্ক্সদেৱে জন্ম দিয়া promtheanism বৰ্তমান প্ৰচলিত communism চিন্তাধাৰাৰ মাইলৰ খুঁটি। য’ত প্ৰমিথিউছ ৰাজকীয় পক্ষৰ বিৰুদ্ধে এক প্ৰতিবাদৰ প্ৰতীক আছিল। স্বাধীনতাৰ পিছৰেপৰা কিছু উচ্চশিক্ষিত ভাৰতীয়ই এই ভাৱধাৰাক আদৰি ল’লে। চৰকাৰৰ জন্ম মাত্ৰ হৈছিল আৰু লগে লগে বিৰোধ। এইটো এটা হাস্যকৰ কথা। এখন ৰাষ্ট্ৰৰ বুনিয়াদত এটা বিপ্লৱ জড়িত হৈ পৰিল। এতিয়া আমি যদি প্ৰমিথিউছ আৰু এই ভাৰতীয় বিপ্লৱীসকলক ভালকৈ চাও, ইয়াত বিপ্লৱৰ প্ৰয়োজনীয়তা ক’তেইবা আছিল! যত চৰকাৰ এখন জন্ম হৈছিল মাত্ৰ। এই ভাৱধাৰাতো ভাৰতৰ দৰে এখন দেশত অতি অপ্ৰাসংগিক আছিল। অনৈক্যতা য’ত প্ৰধান প্ৰাকৃতিক সম্পদ তাত এখন সুস্থ গণতন্ত্ৰৰ দৰকাৰ আছিল। সামন্তবাদ ক্ষমতাৰ একককেন্দ্ৰীভূত এক ব্যৱস্থা য’ত এটা মাত্ৰ খালীপেটৰ কাৰণে আঁচনি কৰাটো অসম্ভৱ। হ’লেও মানুহে আদৰি ল’লে বিদেশী আমদানি বস্তু হিচাপে। দুখীয়া শ্ৰেণীক আন্দোলনৰ যুদ্ধত নমাবলে বহুতে উচতাইছিল আৰু এতিয়াও হৈ আছে। কিন্তু এই শ্ৰেণীৰ মানুহখিনিক ভাত মুঠি মুকলি কৰি দিব পৰাকৈ কোনও নাভাবিলে। সেইকাৰণে অতি আত্মবিশ্বাসেৰে ক’ম, অসম আৰু ভাৰতৰ সামন্তবাদী ঢৌ এক ব্যক্তিৰ ব্যক্তিগত স্বাৰ্থকেন্দ্ৰিক এক জাগৰণ। ইয়াত অকল ময়ে শুদ্ধ ধৰণৰ এটা ৰীতি আছে যিটো সম্পূৰ্ণ অগণতান্ত্ৰিক।

কুইন ভিক্টৰিয়া আৰু হিটলাৰ- নিসন্দেহে হিটলাৰ ইতিহাসৰ জঘন্য ব্যক্তি যিটো আমাৰ মগজুত সুমুৱাই দিয়া হৈছিল কুমলীয়া কালতে। ইতিহাসত তেনেকৈয়ে লিখা আছে, কিন্তু কুইন ভিক্টৰিয়াৰ ছত্র ছায়াত উপনিবেশবাদৰ নামত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ক’ত নিৰীহ মানুহ নিজৰ স্বাৰ্থৰ কাৰণে মাৰিছিল তাক কেতিয়াও নিলিখিলে। ইতিহাসে যাক যি কাৰণে কয় তাক নিজৰ প্ৰয়োজন অনুসাৰে সজাই লয়। এই কথাটো আৰু এটা উদাহৰণ থমাছ আলভা এডিচন আৰু নিকোলাছ টেচলাৰৰ পৰা আনিব পাৰি। মাৰ্কনিতকৈও পাঁচ বছৰ আগতে ৰেডিঅ’ আবিষ্কাৰ কৰা টেচলাৰ নিজৰ প্ৰথম কৰ্মজীৱনত বাৰে বাৰে এডিচনৰ পৰা বিদেশী বুলি অৱহেলাৰ লাভ কৰিছিল। বিখ্যাত বৈদ্যুতিক বাল্বৰ আবিষ্কাৰ থমাছ এডিচনৰ নামত ইতিহাসে লিখিলে কিন্তু সেই সময়ৰ যুগান্তকাৰী AC Current ৰ আৱিষ্কাৰক টেচলাৰ নাম ইতিহাসে অৱহেলাৰ ভাষাৰে লিখিলে। যিকোনো এটা সমাজ ব্যৱস্থাত ৰীতি নীতিৰ ইতিহাসে যোগাত্মক সূত্ৰ স্থাপন কৰে বৰ্ত্তমান, অতীত আৰু ভৱিষ্যতৰ। ব্যক্তিৰ ইতিহাসে মানুহক সদায় ভুল পথে পৰিচালিত কৰে আৰু তেনে ব্যক্তিত্ব বৰ্ত্তমান অপ্ৰাসংগিক।

 

লেখকৰ পৰিচিতিঃ

ডঃ দিহিঙীয়া
(প্ৰাক্তন কৰ্মচাৰী, গ্ৰামীণ বিকাশ মন্ত্ৰালয়, ভাৰত চৰকাৰ, বৰ্তমান সামাজিক উদ্যোগৰ লগত জড়িত)

 

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Begum Jaan Actress Receives Death Threat; Case Filed Against Two People

strict

গুৱাহাটীত পুনৰ বৃদ্ধি পাব লকডাউন