in

অসমলৈ কেন্দ্ৰৰ ৬৩১ কোটি টকাৰ অনুদান

Nirmala Sitharaman

নিউজ ডেস্কঃ পঞ্চদশ বিত্তীয় আয়োগৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰই ১৪ খন ৰাজ্যলৈ পোষ্ট ডিভ’লিউচন ৰেভিনিউ ডেফিচিট গ্ৰাণ্টৰ অধীনত দ্বিতীয়টো মাহিলী কিস্তি হিচাপে ৬,১৯৫.০৮ কোটি টকা অনুদান হিচাপে আগবঢ়াইছে৷

এই সন্দৰ্ভত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এইদৰে টুইট কৰিছে, ‘‘ইয়াৰ জৰিয়তে ক’ৰোনাৰ সংকটৰ সময়ত ৰাজ্যসমূহে অতিৰিক্ত সাহায্য লাভ কৰিব৷’’

চৰকাৰী সূত্ৰ অনুসৰি কেন্দ্ৰই অসমলৈ ৬৩১ কোটি টকা অনুদান হিচাপে আগবঢ়াইছে৷  এই অনুদানৰ জৰিয়তে ক’ভিড-১৯ৰ মোকাবিলাৰ সৈতে জড়িত বিষয়সমূহ, কোৱাৰেণ্টিন সুবিধাৰ স্থাপন, নমুনা সংগ্ৰহ আৰু স্ক্ৰীণিং কেন্দ্ৰ আৰু গৱেষণাগাৰ স্থাপন আদিৰ বিষয়সমূহত ব্যয় কৰিব পৰা হ’ব৷

উল্লেখ্য, পোষ্ট ডিভ’লিউচন ৰেভিনিউ ডেফিচিট গ্ৰাণ্ট হ’ল ৰাজ্যসমূহৰ ঘাটিৰ জোৰা মাৰিবলৈ প্ৰদান কৰা এক ধৰণৰ অনুদান৷

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট  

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Assam to be Financially Relieved with 631 crore Central Grant

Defence Minister To Sit With Top Army Chiefs To Discuss The Ongoing LAC Situation